বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈ গুৱাহাটীৰ যুৱকৰ কোকৰাঝাৰত সলিল সমাধি, VIDEO

বন্ধুৰ ঘৰলৈ ফুৰিবলৈ গৈ গুৱাহাটীৰ যুৱকৰ কোকৰাঝাৰত সলিল সমাধি, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গুৱাহাটীৰ মালিগাঁৱৰ পৰা কোকৰাঝাৰৰ আত্মীয়ৰ ঘৰলৈ আহি এগৰাকী যুৱকৰ কোকৰাঝাৰৰ হেল নদীত সলিল সমাধি ঘটাত অঞ্চলটোত শোকৰ ছা পৰিছে। হেল নদীত সলিল সমাধি ঘটা যুৱকজনক মালিগাঁও অমৰজিৎ বাছফৰৰ সন্তান শ্যাম বাছফোৰ (১৭) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি মালিগাঁৱৰ পৰা দুই সম্পৰ্কীয় ভাতৃ শ্যাম বাছফোৰ (১৭) আৰু সঞ্জয় বাছফোৰ(১৯) কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ধোপেৰতল নিৱাসী খবাৰী বাছফোৰৰ ঘৰত আত্মীয় সূত্ৰে ফুৰিবলৈ আহিছিল। সোমবাৰে দুপৰীয়া শ্যাম বাছফোৰ (১৭) আৰু সঞ্জয় বাছফোৰে (১৯) আন দুগৰাকী সমনীয়া আত্মীয়ৰ সৈতে হেল নদীত গা ধুবলৈ যায়। গা ধুৱাৰ সময়তে দূৰ্ভাগ্যক্ৰমে শ্যাম আৰু সঞ্জয় গভীৰ পানীত ডুব যায়।

শ্যাম আৰু সঞ্জয় গভীৰ পানীত ডুব যোৱাত মুহুৰ্তৰ ভিতৰতে হুৱাদুৱা লাগে আৰু স্থানীয় ৰাইজে গভীৰ পানীৰ পৰা সঞ্জয় বাছফোৰক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে যদিও শ্যাম বাছফোৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হয়।

পিছত ঘটনাস্থলীত এছডিআৰএফে অভিযান চলাই হেল নদীৰ গভীৰ পানীৰ পৰা শ্যাম বাছফোৰৰ নিথৰ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ পৰা আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহি গৰমৰ বাবে গা ধুবলৈ হেল নদীত নমাৰ পিছতেই কৰুণ মৃত্যুক সাৱটি লোৱা শ্যাম বাছফোৰৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছা পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in