গুৱাহাটীৰ বিস্ফোৰণৰ আঁৰত কোন এই অভিনেত্ৰী!

গুৱাহাটীৰ বিস্ফোৰণৰ আঁৰত কোন এই অভিনেত্ৰী!

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটী মহানগৰীৰ গ্ৰেণেড বিস্ফোৰণৰ আঁত বিচাৰি পাইছে আৰক্ষীয়ে! টিভিৰ এগৰাকী অভিনেত্ৰীৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে প্ৰায় ৪৫ কেজি বিস্ফোৰক, ২৫ জাই গুলী আৰু এটা পিষ্টল। জাহ্নৱী শইকীয়া নামৰ টিভি অভিনেত্ৰীগৰাকীৰ বাসগৃহত ১৬ মে'ৰ পুৱা ৪ বজাৰ পৰা চলিছিল আৰক্ষীৰ অভিযান। এই অভিযানত আৰক্ষীয়ে আন কেতবোৰ বিস্ফোৰক সা-সামগ্ৰীৰ লগতে গ্ৰেণেড প্ৰস্তুতৰ বহু সামগ্ৰীও জব্দ কৰা বুলি জানিব পৰা গৈছে।

১৫ মে'ৰ নিশা প্ৰায় ৭.৪০ বজাত মহানগৰীত সংঘটিত হৈছিল গ্ৰেণেড বিস্ফোৰণ। বিস্ফোৰণৰ তদন্তৰ আঁত ধৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰাণময় ৰাজগুৰু নামৰ এজন আলফা আলোচনাপন্থীৰ কেডাৰক। তেওঁৰ তথ্যৰ ভিত্তিতেই এই অভিযান চলোৱা হৈছে বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে, জাহ্নৱী শইকীয়া জাহ্নৱী আনন্দ নামেৰে পৰিচিত অভিনয় জগতত। শেহতীয়াকৈ তেওঁ কেইবাখনো চিৰিয়েলত অভিনয় কৰি আছে। ব্যক্তিগত টিভি চেনেলৰ 'মা' নামৰ এখন ধাৰাবাহিকতো অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে।

আৰক্ষীয়ে আটক কৰা অভিনেত্ৰীগৰাকী

মহানগৰীৰ পাঞ্জাৱাৰী নামঘৰ পথৰ মছজিদ গলিত থকা ১০ নম্বৰ ঘৰত আৰক্ষীয়ে চলাইছিল অভিযান। তাৰ পৰাই এই সামগ্ৰীসমূহ উদ্ধাৰ হয়। উক্ত ঘৰটোলৈ ১০ দিনৰ পূৰ্বে আহিছিল এইগৰাকী অভিনেত্ৰী। ঘৰটোলৈ প্ৰায়ে আহে প্ৰাণময় ৰাজগুৰু নামৰ আলফা আলোচনাপন্থী নেতাজন।

জানিব পৰা মতে, এই ঘৰটোত থকা এখন এএছ ০১ডিকিউ ৪৪২০ নম্বৰৰ দুচকীয়াও জব্দ কৰিছে আৰক্ষীয়ে। আৰটিঅ' বিহাইকল ইনফ'ৰমেশ্যন নামত বাইকখন জনৈক কৃষ্ণ কান্ত ডেকা নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ থকা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযান চলোৱা পাঞ্জাৱাৰীৰ জাহ্নৱীৰ ভাড়াঘৰটো

বিস্ফোৰণৰ সময়ত এটা বিশেষ মোবাইল ফোনত আহিছিল সঘনাই ফোন। সেই সময়ত সেই ফোনটোৰ অৱস্থান আছিল জুৰোডত। তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে চলাইছিল এই অভিযান। মহানগৰত সংঘটিত এই বিস্ফোৰণৰ পাছত আৰক্ষীৰ এয়া এক সফলতা বুলিব পাৰি। কিন্তু বিস্ফোৰণৰ পাছতহে তৎপৰ হ'ল আৰক্ষী।

মহানগৰীৰ মাজমজিয়াত এটা বাসগৃহত ৪৫ কেজি ওজনৰ বিস্ফোৰক সামগ্ৰী জমা কৰি ৰখাৰ পাছতো কিয় আৰক্ষীয়ে কোনো উম ঘাম নাপালে। ইয়াতকৈও যদি বৃহৎ কূটাঘাত সংঘটিত হ'লহেঁতেন, তেনেহ'লে তাৰ দায়িত্ব কোনে ল'লে হেঁতেন। এতিয়া এই প্ৰশ্নও উত্থাপন হৈছে।

কিমান সুৰক্ষিত গুৱাহাটী? পুনৰবাৰ এই প্রশ্ন মহানগৰবাসীৰ মনত উদয় হৈছে। নিৰাপত্তাৰ দিশত গুৱাহাটী ৰাজ্যৰ অন্য প্ৰান্তৰ তুলনাত অধিক নিৰাপদ বুলি ভবা হয়। মুখ্যমন্ত্ৰী, ৰাজ্যপালকে ধৰি ভিভিআইপি সকলৰ বাসস্থান এই মহানগৰী। ৰাজধানী চহৰ হিচাপেও গুৱাহাটীত নিৰাপত্তাৰ দিশত অধিক গুৰুত্ব দিয়া হয়। তেনেক্ষেত্ৰত আৰক্ষীয়ে বিস্ফোৰণৰ পিছত লাভ কৰা সফলতাকে সামগ্ৰিক সফলতা বুলিব নোৱাৰি।

সন্ত্ৰাসজৰ্জৰ ৰাজ্যখনত এসময়ত কুটীঘাত সংঘটিত কৰাটো সাধাৰণ কথা আছিল। সেই দিনবোৰৰ কথা আজি গুৱাহাটীবাসীয়ে মনত পেলাব নিবিচাৰে। এনে দিন আছিল, সন্ধিয়া সময়ত মহানগৰীত সাধাৰণ লোকে চলা-ফুৰা কৰিবলৈ ভয় কৰিছিল।

২০০৮ৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ পাছত ভবা হৈছিল মহানগৰীত নিৰাপত্তাৰ দিশত প্ৰশাসন তথা ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। সেই সময়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা মহানগৰীৰ প্ৰতিটো প্ৰান্ততে চিচি টিভি কেমেৰা সংযোজন, নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা আদি অনেক প্ৰতিশ্ৰুতি দিয়া হৈছিল।

অসম আৰক্ষীৰ আধুনিকীকৰণ, মহানগৰ থানা সমূহত পৰ্যাপ্ত আৰক্ষী নিযুক্তিৰ লগতে গুৱাহাটীত নিযুক্তি দিয়া হৈছিল আৰক্ষী আয়ুক্তক। ২০১৫ চনৰ ১ জানুৱাৰীত জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে মহানগৰ প্ৰথম আৰক্ষী আয়ুক্ত ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত মুকেশ আগৰৱালা, হীৰেণ চন্দ্ৰ নাথ, প্ৰদীপ চন্দ্ৰ হালৈ, দীপক কুমাৰ এই পদত অধিষ্ঠিত হয়।

মহানগৰীত প্ৰায়ে এনে ধৰণৰ কুটাঘাত সংঘটিত হৈ থাকে। যোৱা কিছু বছৰত সংঘটিত তেনে কেইটামান কুটাঘাতৰ উদাহৰণ এনে ধৰণৰ-

১১ ফেব্ৰুৱাৰী, ১৯৯৮ঃ

তেতিয়াৰ গুৱাহাটী পৌৰ নিগমৰ মন্ত্ৰী বিৰাজ শৰ্মাক গুৱাহাটীতে আক্ৰমণ কৰিছিল আলফাই।

২৩ নৱেম্বৰ, ২০০৬ঃ

গুৱাহাটী ৰে'লৱে ষ্টেচনৰ কাৰ পাৰ্কিঙৰ সমীপত বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল এই বিস্ফোৰণ। বিস্ফোৰণত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৭ জন আহত হৈছিল।

৪ ফেব্ৰুৱাৰী, ২০০৭ঃ

ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত হ'বলৈ ৪ দিন থকাৰ পূৰ্বে মহানগৰীত সংঘটিত হৈছিল বিস্ফোৰণ। তাৰ পূৰ্বে আলফাই এই ৰাষ্ট্ৰীয় গেমছ বৰ্জনৰ আহ্বান জনাইছিল।

৬ মে', ২০০৭ঃ

৬ মে', ২০০৭ত আলফাই আন এক বিস্ফোৰণ সংঘটিত কৰিছিল ফাঁচী বজাৰত। এই বিস্ফোৰণত ১৯ জন লোক আহত হৈছিল। অতি ব্যস্ত ফাঁচী বজাৰত সংঘটিত বিস্ফোৰণত আহত সকলৰ ভিতৰত আছিল চি আৰ পি এফৰ জোৱান।

৩০ অক্টোবৰ, ২০০৮ঃ

৩০ অক্টোবৰ, ২০০৮ত গণেশগুৰি, পাণবজাৰ, উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৩টাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। ইয়াৰ উপৰিও ৰাজ্যৰ আন প্ৰান্তৰ মুঠ ১০ স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত ৮১ জনৰ মৃত্যু হোৱাৰ লগতে ৫০০ৰো অধিক লোক আহত হৈছিল।

১ জানুৱাৰী, ২০০৯ঃ

২০০৯ চনৰ ১ জানুৱাৰীত গুৱাহাটীত ৩টাকৈ বোমা বিস্ফোৰণ সংঘটিত কৰিছিল আলফাই। তেতিয়াৰ গৃহমন্ত্ৰী পি চিদাম্বৰমৰ অসম ভ্ৰমণৰ পূৰ্বে সংঘটিত হৈছিল এই বিস্ফোৰণ। বিয়লি ২.৩৫ বজাত প্ৰথমটো বিস্ফোৰণ সংঘটিত হৈছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়ৰ সন্মুখত। বিৰুবাৰীত সংঘটিত এই বিস্ফোৰণত মুঠ ৫ জন লোক নিহত হৈছিল। নিহত সকলৰ ভিতৰত আছিল এটা ১০ বছৰীয়া শিশু।

আন এটা বিস্ফোৰণ সংঘটিত হৈছিল ভূতনাথ বজাৰৰ সমীপত। এই বিস্ফোৰণত ২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন লোক আহত হৈছিল। তৃতীয়টো বিস্ফোৰণ সংঘটিত হৈছিল সন্ধিয়া ৫.৪৫ বজাত ভঙাগড়ৰ বিগ বজাৰৰ সমীপত। ৩৪ জন লোক আহত হৈছিল বিস্ফোৰণ কেইটাত। আটাইকেইটা বিস্ফোৰণ কূটাঘাতকাৰীয়ে আইডিৰে সংঘটিত কৰিছিল।

৬ এপ্ৰিল, ২০০৯ঃ

মালিগাঁৱত সংঘটিত হৈছিল এটা শক্তিশালী বিস্ফোৰণ। এই বিস্ফোৰণত ৮ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৪০ জন লোক আহত হৈছিল।

৯ চেপ্তেম্বৰ, ২০১২ঃ

পল্টন বজাৰত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত এজন চি আৰ পি এফৰ জোৱানৰ লগতে ১২ জন লোক আহত হৈছিল।

৫ ডিচেম্বৰ, ২০১৫ঃ

উক্ত দিনটোত ফাঁচী বজাৰত বিয়লি সংঘটিত হৈছিল ২টা বিস্ফোৰণ। প্ৰায় ৩.৩০ বজাত সংঘটিত এই বোমাটো এখন মিঠাইৰ দোকানৰ সন্মুখত থোৱা আছিল। পুৰণি জেইল ৰোডত সংঘটিত হৈছিল এই বিস্ফোৰণটো। বিস্ফোৰণত আহত হৈছিল ২ জনলৈ লোক।

১৪ মে', ২০১৭ঃ

মহানগৰীৰ আঠগাঁও চাৰিআলি মাৰ্কেটৰ সতী জয়মতী ৰোডত দুপৰীয়া ১২.৩০ বজাত সংঘটিত হৈছিল এটা বিস্ফোৰণ। ২০১৭ চনৰ ১৪ মে'ত সংঘটিত এই বিস্ফোৰণত নিহত হৈছিল দুজন লোক। শক্তিশালী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল আলফাই। এই বিস্ফোৰণত দুখন মটৰ চাইকেল, এখন স্কুটাৰৰ লগতে কেইবাখনো অট' ৰিক্সা ধ্বংস হৈছিল। বিস্ফোৰণত নিহত সকল আছিল- মথুৰা ৰয় আৰু অৱণী দাস।

১৩ অক্টোবৰ, ২০১৮ঃ

পুৱা ১১.৫৫ বজাত সেইদিনা বিস্ফোৰণ সংঘটিত হৈছিল ফাঁচী বজাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ মহাত্মা গান্ধী ৰোডৰ সমীপত। সেই বিস্ফোৰণত ৪ জন লোক আহত হৈছিল কম বেছি পৰিমাণে। তেওঁলোক আছিল ক্ৰমে- কল্পজ্যোতি তালুকদাৰ, শংকু কুমাৰ দাস, তাইফুদ্দিন আহমেদ আৰু বিনীতা দাস।

মহানগৰীত বিস্ফোৰণ প্ৰায়ে সংঘটিত হয়। বিস্ফোৰণৰ পাছতহে তৎপৰ হয় আৰক্ষী। তাৰ দুদিনমানৰ পিছত নিৰাপত্তাৰ দিশটো ফুটুকাৰ ফেন হৈ পৰে। এইবাৰ বিস্ফোৰণৰ পাছত আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই এগৰাকী অভিনেত্ৰীৰ ঘৰত বিস্ফোৰক উদ্ধাৰ কৰাৰ পাছত মহানগৰীত তালাচীৰ নামত আৰক্ষীয়ে আচলতে কি কৰে, তাৰ প্ৰকৃত ছবি ওলাই পৰিল।

প্ৰাথমিকভাৱে যিবোৰ তথ্য পোহৰলৈ আহিছে, সেই তথ্যৰ আধাৰত আৰক্ষীয়ে নিশ্চয় ১৫ মে'ৰ বিস্ফোৰণ কাণ্ডৰে কোন জড়িত তাৰ তদন্ত কৰি প্ৰকৃত দোষীক বিচাৰি উলিয়াব পাৰিব। কিন্তু প্ৰশ্ন হয়, এগৰাকী অভিনেত্ৰীৰ ভাড়াঘৰত ইমান বিস্ফোৰক সামগ্ৰী, পিষ্টল, গুলী উদ্ধাৰ হ'ল কেনেকৈ? কিহৰ বাবে জমা কৰা হৈছিল এইবোৰ?

ভৱাতকৈ অধিক কূটাঘাতৰ পৰিকল্পনাৰে ৰচা হৈছিল নেকি এই ব্লুপ্ৰিন্ট? এগৰাকী টিভি অভিনেত্ৰীৰ বাসগৃহত এনে বিস্ফোৰক উদ্ধাৰৰ পাছত মহানগৰীৰ নিৰাপত্তাক লৈ এতিয়া অধিক প্ৰশ্ন উঠিছে আৰু শংকিত হৈ পৰিছে মহানগৰবাসী। আৰক্ষী-নিৰাপত্তাৰক্ষী গিজগিজাই থকা এই চহৰখনত অতি সহজতে কূটাঘাতকাৰীয়ে কিয় লক্ষ্য কৰি ল'ব পাৰে সেই কথাও আৰক্ষীয়ে আত্ম-বিশ্লেষণ কৰা উচিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in