শেহতীয়া খবৰ
ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...

এটিএমত লাগি থাকিব পাৰে গোপন কেমেৰা! মহানগৰীত এটিএমৰ পৰা ধন উলিয়াওতে আপুনি সাৱধান হওঁক…

407

ডিজিটেল ডেস্কঃ সুৰক্ষিত নহয় আপুনি ব্যৱহাৰ কৰা এ টি এম সমূহ। যিকোনো মুহূৰ্ততে আপোনাৰ এটিএমৰ পিন নম্বৰ লৈ আপোনাৰ বেংকৰ একাউণ্টৰ ধন খালী কৰি নিব পাৰে অপৰাধীয়ে। ইউটিউবত সাধাৰণতে দেখা এই দৃশ্য এতিয়া কাৰ্যত পৰিণত কৰিছে মহানগৰৰ এটি এমত।

বেলতলাত থকা হোটেল ৰেচিডেন্সিৰ সমীপত আছে এটা এছ বি আইৰ এ টি এম। এজন গ্ৰাহকে সেই এ টি এমৰ পৰা ধন উলিয়াবলৈ যাওঁতে এ টি এমটোৰ কী-বৰ্ডৰ ওপৰত প্ৰত্যক্ষ কৰে এটা চি চি টি ভি কেমেৰা। ভালদেৰ নাচালে ধৰিবই নোৱাৰে সেই কেমেৰাটো।

কী-বৰ্ডৰ ওপৰত থকা অংশত এ টি এম গ্ৰাহকে ধৰিব নোৱাৰাকৈ লগাই থৈ যোৱা চি চি টি ভি কেমেৰাটোৰ সৈতে এ টি এম মেচিনৰ কাৰ্ড ভৰোৱা অংশত সংলগ্ন কৰি থয় কাৰ্ড ৰিডাৰ। তাৰ জৰিয়তে গ্ৰাহকৰ এ টি এম আৰু গোপন পিন সংগ্ৰহ কৰি লয় এই দুষ্ট চক্ৰটোৱে।

বেলতলাৰ এছ বি আইৰ এই এ টি এমটোত ধন উলিয়াবলৈ যোৱা গ্ৰাহকজনে এই দৃশ্য প্ৰত্যক্ষ কৰি এ টি এমটোৰ কী-বৰ্ডৰ ওপৰত থকা চি চি টি ভি কেমেৰাৰ সংলগ্ন অংশ এৰোৱাই চাই সেয়া কোনো দুষ্ট চক্ৰৰ কাম বুলি নিশ্চিত হৈ সবিশেষ জনাই হাতীগাঁও আৰক্ষীক।

আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এ টি এমটোত থকা চি চি টি ভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰিছে বেংক কৰ্তৃপক্ষই। এতিয়াৰে পৰা এ টি এমলৈ গ’লে সাৱধান হওঁক আপুনিও। এ টি এমৰ পৰা ধন সংগ্ৰহ কৰাৰ পূৰ্বে চাওঁক কী-বৰ্ডৰ ওপৰত কোনো লোকে লগাই গৈছে নেকি চি চি টি ভি কেমেৰা। ভালকৈ নিৰীক্ষণ নকৰিলে সেই কথা অৱশ্যে আপুনি ধৰিবই নোৱাৰিব।

মহানগৰীত এ টি এমত এনে উন্নত প্ৰযুক্তিৰে চি চি টি ভি কেমেৰা সংলগ্ন কৰি এ টি এমৰ পৰা ধন উলিওৱা গ্ৰাহকৰ সবিশেষ তথ্য সংগ্ৰহ কৰা এইটোৱে প্ৰথম ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে এই চক্ৰটোৱে কিমান গ্ৰাহকৰ একাউণ্টৰ পৰা ধন উলিয়াই নিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এইটো ঠিক যে, কেৱল এটা এ টি এমতেই নহয়, মহানগৰীৰ আন এ টি এমতো এই দুষ্ট চক্ৰটোৱে এই ব্যৱস্থাৰ জৰিয়তে ধন লুটৰ ফান্দ পাতিব পাৰে।

এতিয়াৰে পৰা যিকোনো এটিএমত সোমালে প্রথমে পৰীক্ষা কৰি লওঁক এ টি এমটোত। এ টি এমত এনে কোনো অতিৰিক্ত সামগ্ৰী লগাই নথয় বেংক কৰ্তৃপক্ষই। যদি তেনে সামগ্ৰী ধৰা পৰে তেনেহ’লে তৎক্ষণাত জনাওক আৰক্ষী আৰু বেংক কৰ্তৃপক্ষক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি