গুৱাহাটীত হিট এণ্ড ৰাণ UPDATE

গুৱাহাটীত হিট এণ্ড ৰাণ UPDATE

ৰাতি ১২.২২ বজাতঃ মুঠ আহতৰ সংখ্যা ১০লৈ বৃদ্ধি।

ৰাতি ১২.১৬ বজাতঃ জি এম চি এইচৰ পৰা দুগৰাকী আহতক ঘৰলৈ যাব দিয়া হৈছে।ইফালে, আৰু এগৰাকী আহতক আনিছে জি এম চি এইচলৈ।

ৰাতি ১২.১৪ বজাতঃ এই দুৰ্ঘটনাত আহত এজনক নিয়া হৈছে মাৰোৱাৰী মেটাৰনিটী হাস্পতাললৈ। লোকজনৰ নাম মিথিলেশ। দুৰ্ঘটনাত আহত লোকৰ সংখ্যা ৮জনৰো অধিক। প্ৰত্যক্ষদৰ্শীৰ মতে, ১০জনৰো অধিক লোকে কম-বেছি পৰিমাণে আঘাত পাইছে।

ৰাতি ১২.০২ বজাতঃ চিকিৎসালয়ত উপস্থিত পৰিয়ালৰ লোকসকল। চিকিৎসালয়ত কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। গাড়ীখনৰ সন্ধানত আৰক্ষীৰ অভিযানত অব্যাহত।

ৰাতি ১২.০০ বজাতঃ দুৰ্ঘটনাত আহতসকলৰ নাম ক্ৰমে- গুঞ্জা বছফাৱাৰ, উৰ্মিলা বছফাৱাৰ, পায়েল বছফাৱাৰ, পূজা বছফাৱাৰ, মমিতা বছফাৱাৰ, লক্ষ্মী বাছফাৱাৰ, ৰতি বাছফাৱাৰ।

ৰাতি ১১.৫৯ বজাতঃ আহত সকলৰ এজনক ইতিমধ্যে যাবলৈ দিয়া  হৈছে চিকিৎসালয়ৰ পৰা।

ৰাতি ১১.৫৫ বজাতঃ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ ৰং নীলা। গাড়ীখনৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। গাড়ীখনত থকা আৰোহীসকল সুৰাসত্ত অৱস্থাত থকা বুলি সন্দেহ আৰক্ষীৰ।

ৰাতি ১১.৫০ বজাতঃ আহত সকলৰ ভিতৰৰ চাৰিগৰাকী মহিলাক ভৰ্তি কৰা হৈছে জি এম চি এইচৰ জৰুৰীকালীন বিভাগত। চিকিৎসালয়ৰ বাহিৰত ভিৰ আত্মীয়ৰ।

ৰাতি ১১.৩৫ বজাতঃ গাড়ীখন চেক্টৰ ৱানৰ ফালে পলাই গৈছে বুলি সন্দেহ আৰক্ষীৰ। গাড়ীখনৰ এখন গ্লাছ পৰি ৰৈছে ঘটনাস্থলীত।

ৰাতি ১১.৩০ বজাতঃ আৰক্ষীয়ে প্ৰকাশ কৰিছে আহতসকলৰ নামৰ তালিকা। আহত প্ৰায়ভাগ লোকৰেই ঘৰ পাণবজাৰৰ সমীপত।

ৰাতি ১১.১৫ বজাতঃ আহতসকলৰ কেবাজনৰো অৱস্থা সংকটজনক। তাৰ ভিতৰত এটি শিশু আছে। আৰক্ষীয়ে সতৰ্ক কৰি দিছে সকলো থানা।

ৰাতি ১১.০০ বজাতঃ আহতসকলৰ চাৰিজনক ভৰ্তি কৰোৱা হৈছে এম এম চিত । বাকী ৪জনক লৈ যোৱা হৈছে জি এম চি এইচলৈ।

ৰাতি ১০.৩০ বজাতঃ এতিয়াও সন্ধান হোৱা নাই ছুইফট ডিজায়াৰখনৰ। আৰক্ষীৰ অভিযান অব্যাহত।

ৰাতি ১০.১৭ বজাতঃ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আহতসকলৰ অধিকাংশই মহিলা আৰু শিশু।

ৰাতি ১০.১৫ বজাতঃ কাছমাৰী ঘাটত বিশ্বকৰ্মাপূজাৰ প্ৰতিমূৰ্তি বিসৰ্জন দিবলৈ আহিছিল বহুলোক। ৮জন লোকক নিয়া হৈছে এম এম চি লৈ।

ফটো- চিন্ময় ৰয়
ফটো- চিন্ময় ৰয়

ৰাতি ১০.০০ বজাতঃ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে।

ৰাতি ৯.৫২ বজাতঃ গুৱাহাটীৰ ভৰলুমুখত অঘটন। ছুফইট ডিজায়াৰ বাহনে মহতিয়ালে কেবাজনো লোকক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in