গুৱাহাটীৰ ৰাজপথত পুৱাই পথ দুৰ্ঘটনা UPDATES

গুৱাহাটীৰ ৰাজপথত পুৱাই পথ দুৰ্ঘটনা UPDATES

পুৱা ১০.১৭ বজাঃ দুৰ্ঘটনাস্থলীত উপস্থিত হৈছেহি এখন ক্ৰেং। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন এফালে বান্ধি দিছে। পুনৰ যান-বাহন চলাচল অব্যাহত পথটোত।

পুৱা ৯.৫৯ বজাঃ গাড়ীখন আতৰাবৰ বাবে এতিয়ালৈকে ব্যৱস্থা কৰিব পৰা নাই আৰক্ষীয়ে।

পুৱা ৯.৫৭ বজাঃ গাড়ীখন আতৰাবৰ বাবে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা। আধা ঘণ্টাতকৈ বেছি সময় ৰাজপথতে বাগৰি পৰি আছে গাড়ীখন।

পুৱা ৯.৫৫ বজাঃ মহানগৰীত পুনৰ এবাৰ চিটিবাছ চালকৰ বাবে সংঘটিত হ'ল এই পথ দুৰ্ঘটনা

পুৱা ৯.৫৪ বজাঃ চানমাৰীৰ ফালৰ পৰা অহা গাড়ী পাৰ হ'ব পৰা নাই পথটোৰে।

পুৱা ৯.৫৩ বজাঃ কমাৰ্চ কলেজৰ সন্মুখত বন্ধ কৰি দিয়া হৈছে যান-বাহন চলাচল। তীব্ৰ যান-জঁট পথচোৱাত।

পুৱা ৯.৫২ বজাঃ এতিয়াও যথেষ্ট ভিৰ দুৰ্ঘটনাস্থলীত।

পুৱা ৯.৫০ বজাঃ চিআৰপিএফো আহি উপস্থিত হৈছেহি দুৰ্ঘটনাস্থলীত।

পুৱা ৯.৪৮ বজাঃ ঘটনাস্থলীত এইমাত্ৰ আহি উপস্থিত হৈছেহি যান-বাহন শাখাৰ আৰক্ষীৰ লোক।

পুৱা ৯.৪৬ বজাঃচৌধুৰী ড্ৰিংকিং ৱাটাৰৰ আছিল দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন।

পুৱা ৯.৪৩ বজাঃ পানী ভৰ্তি আছিল গাড়ীখন।

পুৱা ৯.৪২ বজাঃ ডিভাইডাৰত খুন্দা মাৰিছিল গাড়ীখনে।

পুৱা ৯.৪১ বজাঃ এখন চিটি বাছৰ কাৰণে সংঘটিত হ'ল এই পথ দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে, চিটিবাছখনৰ নম্বৰ ৫৬৬৮.। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ  এ এছ ১৯ এ ৯০১৯।

পুৱা ৯.৪০ বজাঃ দুৰ্ঘটনাস্থলীত বহু সংখ্যক লোকে কৰিছেহি ভিৰ। ডিভাইডাৰত থকা বিজ্ঞাপন হৰ্ডিং খহি পৰিল গাড়ীৰ খুন্দাত।

পুৱা ৯.৩৯ বজাঃ তীব্ৰ যান-জঁট কমাৰ্চৰ সন্মুখত। অসম আৰক্ষীৰ জোৱানে বৰ্তমান নিয়ন্ত্ৰণ কৰি আছে পৰিস্থিতি।

পুৱা ৯.৩৮ বজাঃ এইমাত্ৰ উপস্থিত হৈছেহি যান-বাহন আৰক্ষী। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চালকজনে।

পুৱা ৯.৩৭ বজাঃগাড়ীখনৰ টেলৰ টেংকীৰ পৰা নিৰ্গত হৈ আছে ডিজেল।

পুৱা ৯.৩৪ বজাঃএতিয়ালৈকে উপস্থিত হোৱা নাই আৰক্ষী।

পুৱা ৯.৩২ বজাঃ ৰাজপথত আৱদ্ধ যথেষ্ট সংখ্যক যান-বাহন।

পুৱা ৯.২৮ বজাঃ গুৱাহাটীৰ কমাৰ্চ কলেজৰ সন্মুখত পথ দুৰ্ঘটনা। পথৰ ওপৰতে বাগৰি পৰিল পানী কঢ়িওৱা ট্ৰাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in