বহাগে জাতি জনগোষ্ঠীৰ মিলনতীৰ্থত পৰিণত কৰিলে ঘূণাসুঁতিক, চাওক VIDEO

বহাগে জাতি জনগোষ্ঠীৰ মিলনতীৰ্থত পৰিণত কৰিলে ঘূণাসুঁতিক, চাওক VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ব'হাগৰ কি যে অতুলনীয় শক্তি, ডেকাৰ পৰা বুঢ়ালৈ সকলোৰে দেহ মনত বহাগে দিয়ে নতুন উদ্যম…, নতুন উৎসাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ ব'হাগ মাহতোৱেই ভাঙোনমুখী অসমীয়া জাতিটোক একগোট হবলৈ সাহস দিছে। এই বহাগৰ বাবেই এতিয়া অসমীয়া জাতিয়ে নিজৰ ঐতিহ্য ধৰি ৰাখিবলৈ সক্ষম হৈছে। আৰু অসমীয়াৰ আপোন এই বহাগেই আজি জঙ্কি পানৈৰ স্মৃতি বিজড়িত প্ৰেমৰ স্থলী ঘূণাসুঁতিত দিলে সমন্বয়ৰ এক অনন্য বাৰ্তা।

অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য গীতৰ পৰা আৰম্ভ কৰি ৮০ বছৰীয়া ককা-আইতাৰ পৰম্পৰাগত খেল ধেমালিৰ ছন্দত একপ্ৰকাৰ সাংস্কৃতিক মিলনভূমিত পৰিণত হ'ল সোৱণশিৰিৰ পাৰৰ ঘূণাসুঁতি। লখিমপুৰ জিলাৰ ঐতিসাহিক মিৰিজিয়ৰী মহাবিদ্যালয়ৰ প্ৰাংগণতে আজি যেন বহাগে পূৰ্ণতা লাভ কৰিলে।

ঢকুৱাখনাৰ সমীপৰ মানোমোহা সোৱণশিৰি নদীৰ পাৰৰ চেগুন গছেৰে ভৰা এই স্থানতে লখিমপুৰ জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘই উদযাপন কৰে ব্যতিক্ৰমী ৰঙালী বিহু উৎসৱ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলাৰ কৃষি আৰু গো সম্প্ৰসাৰণ সমিতিৰ উদ্যোগত আৰু ঘূণাসুঁতি আঞ্চলিকৰ সহযোগত শনিবাৰে সম্পূৰ্ণ প্ৰাকৃতিকভাবে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য তথা সমাজকৰ্মী ডাঃ নৱকৃষ্ণ ৰাজখোৱাই পুৱা উদ্বোধন কৰা পাছতে আজি ঘূণাসুঁতিত উঠে ঢোল পেঁপাৰ লহৰ। নিজৰ উদ্বোধনী ভাষণত ডাঃ ৰাজখোৱাই কয় যে- সময়ৰ গতি প্ৰবাহৰ সৈতে বিহু সংস্কৃতিৰো নানা পৰিৱৰ্তন, বিৱৰ্তন হৈছে। বিহুৰ লগত লাহে লাহে কৃষিজীৱী ৰাইজৰ তথা যুৱ সমাজৰ সম্পর্ক একপ্ৰকাৰ বিছিন্ন হৈ আহিছে। ফলত বিহুৰ প্ৰাচীন পৰম্পৰা আৰু ইয়াৰ লগত জড়িত বিভিন্ন ৰং ধেমালিবোৰো বিলুপ্ত হৈ গৈছে। সেয়েহে বিহুৰ প্ৰাকৃতিক পৰিৱেশ, প্ৰাকৃতিক উপাদান, পৰম্পৰাগত খেল ধেমালিৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰ অতি জৰুৰী হৈ পৰিছে।

লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা নানা জাতি জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহনেৰে অনুষ্ঠিত হোৱা এই ৰঙালী উৎসৱ আজি চেগুন গছত কপৌ ফুল ৰোপনেৰে শুভাৰম্ভ কৰে মিৰিজিয়ৰী কলেজৰ অধ্যক্ষ খগেন পায়েং আৰু শিক্ষক শোভ দাসে। ইয়াৰ পিছতেই পতাকা উত্তোলন কৰে লখিমপুৰ জিলাৰ শংকৰদেৱ সংঘৰ সভাপতি চক্ৰধৰ সোণোৱালে।

ঘূণাসুঁতি অঞ্চলৰ শিক্ষা, সংস্কৃতি, কৃষি আদিৰ প্ৰসাৰত বিশেষ ভূমিকা লোৱা ২০ গৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচা আৰু মানপত্ৰৰে আদৰণি জনোৱা এই বিহু উৎসৱত অসমীয়া সমাজ জীৱনৰ বহু পুৰণি খেল ধেমালিয়ে পূৰ্ণতা পায়। ঘিলা খেলৰ পৰা, পেং খেল, টেকেলী ভঙা আদি সকলো খেল অন্তৰ্ভুক্ত কৰা এই উৎসৱত দিনৰ বাৰ বজাৰ পৰা আৰম্ভ হয় মহিলাৰ জেং বিহু, টকা বিহু, হুঁচৰি, মিছিং জনগোষ্ঠীৰ বিহু, গুমৰাগ নৃত্য, খামটি বিহু আদি বিহুৰ বাৰেৰহনীয়া অনুষ্ঠান।

ইফালে অনুষ্ঠানৰ মাজতে ২০১৯ বৰ্ষৰ শ্ৰেষ্ঠ কৃষক বঁটাৰ বাবে লখিমপুৰৰ নিৰ্মল নাথৰ নাম ঘোষণা কৰে "লাবন্য ৰাজখোৱা সোঁৱৰণি বঁটা" প্ৰদান সমিতিৰ ন্যাসৰক্ষী ডাঃ নৱকৃষ্ণ ৰাজখোৱা আৰু আদৰণি সমিতিৰ সম্পাদক বিষ্ণু টাইদে। এইদৰেই শনিবাৰে সম্প্ৰীতি আৰু মিলনৰ থলীত পৰিণত হল ঘূণাসুঁতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in