প্ৰতিটো স্তৰতে নিৰ্বাচন হ’লেহে নতুন কংগ্ৰেছ দেখা পোৱা যাবঃ গুলাম নবী আজাদ

প্ৰতিটো স্তৰতে নিৰ্বাচন হ’লেহে নতুন কংগ্ৰেছ দেখা পোৱা যাবঃ গুলাম নবী আজাদ

ডিজিটেল ডেস্কঃ ৰাজ্যসভাত কংগ্ৰেছ নেতা গুলাম নবী আজাদে কয় যে, কৃষকসকলৰ আন্দোলনৰ সৈতে জড়িত ঘটনাবোৰৰ ক্ষেত্ৰত চৰকাৰে হঠধৰ্মী ব্যৱহাৰ কৰিব নালাগে। সাংবাদিকৰ আগত তেওঁ লগতে কয়- 'মই মুছলমান। তাক লৈ মই গৌৰৱ কৰো। মোৰ ৰাজ্যসভাত কাৰ্যকাল অন্ত পৰিছে। ৰাজনীতি এতিয়াও বাকী আছে।'

কংগ্ৰেছ দলৰ ১৩৬ বছৰ সম্পূৰ্ণ হ'ল। যিহেতু দলটো পুৰণি, গতিকে বিজেপিৰ সৈতে প্ৰতিযোগিতাত থিয় দিব কংগ্ৰেছেহে পাৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়- আঞ্চলিক দলসমূহেও কংগ্ৰেছৰ ফালেহে চায়। সৰ্বসাধাৰণ ৰাইজে কংগ্ৰেছে যে শাসকীয় দলটোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া আশা কৰে। কংগ্ৰেছক এটা শক্তিশালী দল হিচাপে ৰাইজে চাব বিচাৰে। প্ৰতি স্তৰতে নিৰ্বাচন হ'ব লাগে। যেতিয়া এইবোৰ হ'ব তেতিয়াহে নতুন কংগ্ৰেছ দেখা পোৱা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in