শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

ঘিলামৰাৰ কঢ়া নদীৰ বুকুত সন্ধানহীন কিশোৰৰ মৃতদেহ উদ্ধাৰ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত জালভাৰী গাঁওৰ দুই সন্ধানহীন কিশোৰৰ এজন জ্যোতিষ কুমাৰ গগৈৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখনাৰ এছ ডি আৰ এফ বাহিনী। বৃহস্পতি বাৰে পুৱা প্ৰায় ১০-৩০ বজাত জালভাৰী গাঁওৰ সমীপৰ পুঠীখাটিৰ কঢ়া নদীৰ পাৰত আহাৰ খাই গা ধুবলৈ বুলি নদীত নামি দুটা দিনে সন্ধানহীন হৈ থকা দুই কিশোৰৰ ভিতৰত জ্যোতিষ কুমাৰ গগৈ(১৯)ৰ মৃতদেহ কঢ়া নদীৰ ঢাপলিয়াল গাঁওৰ ওচৰত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ঘিলামৰা থানাৰ আৰক্ষী জানমণি দাস (ইউ বি চি)আৰু আৰক্ষী বাহিনী, ঢকুৱাখনা আৰু লখিমপুৰ সদৰৰ এছ ডি আৰ এফ বাহিনীৰ ‘দীপ চুইমাৰ’ৰ নিৰন্তৰ সন্ধানৰ অন্তত শুক্ৰবাৰে বিয়লি প্ৰায় ৪-৩৩ বজাত কঢ়া নদীৰ বুকুৰ পৰা অনুসন্ধানকাৰী দলে কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি সুদীৰ্ঘ সময় জোৰা অভিযানৰ আংশিক সামৰণি মাৰে।

অন্যহাতে অন্যগৰাকী কিশোৰ বিক্ৰম গগৈ অদ্যপি সন্ধানহীন অবস্থাত আছে। ইপিনে জ্যোতিষৰ নিথৰ দেহ উদ্ধাৰ হোৱা নদীৰ পাৰত কান্দোনৰ ৰোল উঠে আত্মীয় স্বজনৰ ।ঘিলামৰা আৰক্ষীয়ে কাৰ্যবাহী দণ্ডাধীশ চিন্মই গগৈৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ যাবতীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে। এছ ডি আৰ এফ বাহিনীয়ে অন্যগৰাকী নিখুঁজ কিশোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি