শেহতীয়া খবৰ
পশ্চিম কাৰ্বি আংলঙত APHLC দলৰ ২০ টাকৈ কাৰ্যালয় ভাঙি লণ্ডভণ্ড...  •  চীনৰ পৰা পিপিই কিট ক্ৰয়ৰ নামত অসম চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ নস্যাত মন্ত্ৰী পীযুষ হাজৰিকাৰ...  •  সোণালী জয়ন্তী উপলক্ষে ওদালগুৰিত আন্তঃবিদ্যালয় চিত্ৰাংকন প্ৰতিযোগিতা...  •  ঢকুৱাখনা মহকুমা চিভিল হাস্পতালত নৈৰাজ্য ! বৰষুণ দিলেই বন্ধ হয় এক্সৰে সেৱা...  •  গোলাঘাটৰ কাবৰুগাঁৱত সুৰাসক্ত আৱকাৰী কনিষ্টবলৰ তাণ্ডৱ...  •  শিৱসাগৰত হাতীৰ আক্ৰমণত নিহত এজনঃ ৩ দিনে আছিল সন্ধানহীন...  •  আৰম্ভ হ'ল NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২  •  আৰম্ভ হ'ল NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২  •  হোজাই আৰক্ষীৰ জালত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহকাৰী...  •  শনিবাৰে শনি লাগিল ৰাজ্যত ! পুৱাৰে পৰা আহিছে কেৱল মৃতদেহ উদ্ধাৰৰ খবৰ...

ঘিলামৰাৰ আখৈফুটীয়া শ্ৰী শ্ৰী শ’লগুৰি সত্ৰত ভোগালীৰ স্তুতি

ডিজিটেল সংবাদ:ঢকুৱাখনা: ১৯৫৪ খ্ৰীষ্টাব্দত ঘিলামৰাৰ আখৈফুটীয়া গাঁওত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী শ’ল গুৰি শাখা সত্ৰৰ কৌটি কলীয়া প্ৰতিফলন পৰম্পৰাৰ শুক্ৰবাৰে বৰ্ণিল উদযাপন হল । প্ৰয়াত বৈষ্ণৱ সাধক গোবিন্দ্ৰ দেৱ গোস্বামী দেৱৰ দ্বাৰা প্ৰাণ প্ৰতিষ্ঠা হোৱা সত্ৰ ভাগিৰ  উদ্যোগত শুক্ৰবাৰে পুৱা  আধ্যাত্মিক পৰম্পৰাৰ অংশ হিচাবে ভোগালী বিহুৰ  মেজি প্ৰজ্বলন কৰা হয়। পুৱাই সত্ৰৰ ভকত বৈষ্ণৱ সকলে প্ৰতিষ্ঠা কৰা মেজিৰ চাৰিওফালে সত্ৰ পৰিয়ালৰ সকলোৱে  গুৰুবাদ্য ,গায়ন বায়ন বজাই প্রদক্ষিণ  কৰি হৰি নাম , নাম প্ৰসংগৰে অগ্নি দেৱতাৰ আৰাধনা কৰে।

তাৰোপৰি প্ৰতীকী ভেলাঘৰতো  ক্ষণিক কটাই ধৰ্মীয় পৰম্পৰা আৰু ৰীতি নীতি অনুসৰি  মেজি আৰু ভেলাঘৰত অগ্নি সংযোগ কৰি সকলোৰে জীৱনৰ পৰা দুখ শোক ,ৰোধ ব্যাধি ,মাৰি মৰক ,অপায় অমংগল  দূৰ কৰি সকলোকে ধনবল ,জনবল,আয়ুবল , বিদ্যাবল, মনোবল, জ্ঞানোবল  প্ৰদান কৰি দেশত এক প্ৰশান্তিৰ পৰিবেশ  সৃষ্টি কৰাৰ বাবে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্রার্থনা জনাই  সত্ৰ পৰিয়ালে ।

প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ অৰ্ধ শতিকাৰো অধিক কাল ধৰি  সত্ৰ পৰিয়ালৰ উদ্যোগত নিৰন্তৰ ভাবে পালিত এই পহিলা মাঘৰ পৰম্পৰাগত অনুষ্ঠান ভাগিত সমগ্ৰ অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক পুৰুষ মহিলা, চহা ভকত বৈষ্ণৱৰ  স্বতঃস্ফূৰ্ত অংশগ্ৰহণ  আৰু স্তুতি প্ৰাৰ্থনা আৰু সেৱা গ্ৰহণ আছিল  অন্যতম উল্লেখনীয় দিশ।