ঘিলামৰাত আছুৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নাট আৰু যোগ ব্যায়াম কৰ্মশালাৰ সফল সামৰণি…

ঘিলামৰাত আছুৰ উদ্যোগত অনুষ্ঠিত  গ্ৰীষ্মকালীন নাট আৰু যোগ ব্যায়াম কৰ্মশালাৰ সফল সামৰণি…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঘিলামৰা পাব্লিক হাইস্কুলৰ ছাত্ৰ একতা সভাৰ সৌজন্যত আৰু ঘিলামৰা আঞ্চলিক ছাত্ৰসন্থাৰ সহযোগত আয়োজন কৰা গ্ৰীষ্মকালীন নাট আৰু যোগ ব্যায়াম কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে। ২ জুলাই পৰা ১১ জুলাইলৈ ঘিলামৰা পাব্লিক হাইস্কুলত অনুষ্ঠিত হোৱা এই কৰ্মশালাটোত বহুকেইজন অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰে।

৩০ ৰো অধিক শিক্ষাৰ্থীয়ে অংশলোৱা এই কৰ্মশালা নিয়মানুৱৰ্তিতাৰে সমাপ্ত কৰা অংশগ্ৰহণকাৰী সকলক ঘিলামৰা ছাত্ৰ সন্থাই একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে। কৰ্মশালাৰ শেষৰ দিনটোত অনুষ্ঠিত হোৱা প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে সদৌ লখিমপুৰ জিলাৰ সহ: সাধাৰণ সম্পাদক টুলটুল ভৰালী, ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকদ্বয় ক্ৰমে গিৰিন্দ্ৰ শইকীয়া, বিবেকা গগৈৰ লগতে শিক্ষা সম্পাদক প্ৰাণজিৎ চুতীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in