বিস্ফোৰক সামগ্ৰী কঢ়িওৱা বাহন-বাইকৰ সংঘৰ্ষত ভয়ংকৰ বিস্ফোৰণঃ প্ৰাণ হেৰুৱালে ১৭জনে, আহত হৈছে ৫৯জন লোক…

বিস্ফোৰক সামগ্ৰী কঢ়িওৱা বাহন-বাইকৰ সংঘৰ্ষত ভয়ংকৰ বিস্ফোৰণঃ প্ৰাণ হেৰুৱালে ১৭জনে, আহত হৈছে ৫৯জন লোক…

ডিজিটেল ডেস্কঃ পশ্চিম ঘানাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা এখন বাহনৰ মটৰ চাইকেলৰ সৈতে সংঘৰ্ষ বিস্ফোৰণ সংঘটিত হোৱাত কমেও ১৭জন লোকৰ মৃত্যু হৈছে। ঘটনাস্থলীত উপস্থিত এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, বাহন আৰু মটৰ চাইকেলৰ সংঘৰ্ষত ১৭জন লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে, বিস্ফোৰণত প্ৰায় ৫৯জন লোক আহত হৈছে। আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে আহত প্ৰায় সকলো লোককেই উদ্ধাৰ কৰা হৈছে। আৰু আহত সকলক ভৰ্তি কৰা হৈছে স্থানীয় হাস্পতালত। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৭চনতো এনে এক ঘটনাত মৃত্যু হৈছিল তিনিজনকৈ লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in