ঘগ্ৰাপাৰত খাদ্য সামগ্ৰী বিতৰণ

ঘগ্ৰাপাৰত খাদ্য সামগ্ৰী বিতৰণ

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ কোৰোনা ভাইৰাছক লৈ সমগ্র দেশত বলবৎ হৈ থকা লকডাউনৰ সময়ছোৱাত দৰিদ্ৰ লোকৰ অৱস্থা সম্প্ৰতি তথৈবচ হৈ পৰিছে। নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৯টা গাঁও পঞ্চায়তৰ বহু পৰিয়াল খাদ্য সংকটৰ সন্মুখীন হোৱাত অঞ্চলটোৰ একাংশ হৃদয়ৱান লোকে সহায়ৰ হাত আগবঢ়াই মহানুভাৱতাৰ পৰিচয় দাঙি ধৰাৰ সময়তে মঙলবাৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাৰ নেতৃত্বতত প্ৰায় আঠ শতাধিক দুখীয়া লোকসকলৰ মাজত খাদ্য -সামগ্ৰী বিতৰণ কৰে।

বৃহত্তৰ অঞ্চলটোৰ দেহাৰকুছি ঘগ্ৰাপাৰ, বৰাজোল, দতৰা, খাতিকুছি, আল্লিয়া, দিহজাৰী, বালিতাৰা আৰু চটাইবাৰী গাঁও পঞ্চায়ত এলেকাত গৃহবন্দী হৈ থক দুখীয়া ৰাইজৰ মাজত বিধায়কগৰাকীয়ে নিজাববীয়াকৈ তিনিশটা পৰিয়ালক আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিয়ে প্ৰায় পাঁচশতাধিক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়ে। অঞ্চলটোৰ দুখীয়া, দিন হাজিৰা কৰি, ঠেলা চলাই জীৱন যাপন কৰা পৰিয়াল সমূহে আৰ্থিক আৰু খাদ্য সংকতৰ সন্মুখীন হোৱাৰ সময়তে পৰিয়াল সমূহৰ ওচৰত থিয় হোৱাত বিধায়ক অশোক শৰ্মা আৰু বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যকতাসকলক সাহাৰ্যপ্ৰাপ্ত পৰিয়ালসমুহে শলাগ লয়।

মঙলবাৰৰ খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে মনোজ ডেকা আৰু বিজয় তালুকদাৰ, সম্পাদক চোনমনি শৰ্মা, বুবুল দাস, কোষাধ‍্যক্ষ জয়ন্ত তালুকদাৰ লগতে বিজেপি কৰ্মী দ্বীপমল্ল বৰুৱাইও সহায়-সহযোগ আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in