ঘগ্ৰাপাৰৰ গাঁৱে-ভূঞে নাগৰিকত্ব (সংশোধনী)আইন-২০১৯ সম্পৰ্কীয় গোঁহাৰি পত্ৰ বিতৰণ বিজেপিৰ…

ঘগ্ৰাপাৰৰ গাঁৱে-ভূঞে নাগৰিকত্ব (সংশোধনী)আইন-২০১৯ সম্পৰ্কীয় গোঁহাৰি পত্ৰ বিতৰণ বিজেপিৰ…

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নাগৰিকত্ব সংশোধনী আইন ২০১৯ গৃহীত কৰাৰ আগে-পিছে একাংশ স্বাৰ্থদ্বেষী লোকে ভয়ানক অপপ্ৰচাৰৰ দ্বাৰা অসমত শান্তি পৰিৱেশ বিনষ্ট কৰিবলৈ চলাই আছে বুলি বিজেপিয়ে অভিযোগ তুলিছে।

লগতে দলটোৱে সমগ্র ৰাজ‍্যখনৰ লগতে নলবাৰী জিলা ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ নেতৃত্বত গাঁৱে-ভূঞে, চহৰে-নগৰে 'কা' সম্পৰ্কীয় গোহাৰি প্ৰত্ৰ জনসাধাৰণৰ হাতে হাতে দিয়া অভিযান আৰম্ভণি কৰে। ইয়াৰ অংশ হিচাপে দেওবাৰে বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ‍্যোগত কটকীয়া বুথৰ এলেকাধীন ৰাইজৰ ঘৰে ঘৰে গৈ 'কা'ৰ সমৰ্থনত গোহাৰি বিতৰণ কৰে।

দেওবাৰৰ এই গোহাৰি বিতৰণ অভিযান কাৰ্য্যসূচীত বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, প্ৰাক্তন সভাপতি মৃদুল কলিতা, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, কাউন্সিলা মনেশ্বৰ ভৰালী, বড়িগোগ বনভাগ মন্ডল যূৱ মৰ্চাৰ সভাপতি গৌতম কাকতি, কটকীয়া বুথ বিজেপিৰ সভাপতি নৃপেন কলিতা, এই প্ৰত্ৰ বিতৰণ প্ৰমুখ্যে বুবুল দাস, বিজেপি নেতা মনোজ ডেকা, শ্যামন্ত শৰ্মা, দ্বীপ মল্ল বৰুৱা ,পুলেন কলিতা আদিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ‍্য যে, জানুৱাৰীত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ঘগ্ৰাপাৰ চ'কৰ দোকানে দোকানে বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সভাপতি বেজবৰুৱাক সংগ কৰি লৈ নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ৰ গোহাৰি বিতৰণ অভিযানৰ আৰম্ভণি কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in