বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ…

বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ আমেৰিকাতেই এতিয়া প্ৰতিবাদ। জ'ৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগৰ মৃত্যুক কেন্দ্ৰ কৰি ক্ষোভত ফাটি পৰিছে আমেৰিকাৰ কৃষ্ণাংগ লোকসকল। এই প্ৰতিবাদে ইমানেই ভয়াৱহ ৰূপ লৈছে যে, আমেৰিকাৰ ৪০খনকৈ মহানগৰত সান্ধ্য আইন জাৰি কৰা হৈছে।

দ্য নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি, শুকুৰবাৰে নিশা হাজাৰ হাজাৰ লোকে হোৱাইট হাউছৰ বাহিৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে হোৱাইট হাউছৰ দিশে আগবঢ়াৰ পাছত তেওঁলোকক বাধা দিবলৈ মোতায়েন কৰা হয় ছীক্ৰেট ছাৰ্ভিছ আৰু ইউনাইটেড ষ্টেছ পাৰ্ক পুলিচক।

উল্লেখ্য যে, যোৱা ২৫ মে'ত এখন ৰেষ্টুৰেন্টচ ছিকিউৰিটী গাৰ্ড হিচাপে কৰ্মৰত জ'ৰ্জ ফ্লয়ডক জাৰিয়াতিৰে জড়িত এক ঘটনাৰে জড়িতৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এই ঘটনাৰ এটা ভিডিঅ'ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে, জ'ৰ্জক গ্ৰেপ্তাৰ কৰা সময়ত এজন আৰক্ষী বিষয়াই ব্যক্তিজনৰ ডিঙিত আঁঠুৰে হেঁচা মাৰি ধৰিছিল। জ'ৰ্জে সেইসময়ত উশাহ নোপোৱা বুলিও কৈ আছিল কিন্তু আৰক্ষী বিষয়াজনে তেওঁৰ কোনো কথাই নুশুনিলে। আৰু কিছু সময়ৰ পাছত জ'ৰ্জ অচেতন হৈ পৰে। তাৰপাছত আৰক্ষীয়ে জ'ৰ্জক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। তাৰপাছতেই বৰ্ণ বৈষম্যতাক লৈ চহৰখনত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।

কৃষ্ণাংগ লোকসকলে ক'লা বৰণৰ হোৱা বাবেই জৰ্জক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদ আৰম্ভ কৰে। বহু কেইখন দোকানত লুট-পাতো চলোৱা দেখা যায়। প্ৰতিবাদৰ লগতে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দোৱা গেছ আৰু ৰাবাৰৰ বুলেট নিক্ষেপ কৰে। ইফালে, ৰাবাৰৰ গুলীবৰ্ষণৰ ফলত এজন লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। ইফালে, হোৱাইট হাউছৰ তৰফৰ পৰা কোৱা হৈছে যে, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প এই ঘটনাক লৈ দুখিত আৰু তেওঁ বিচাৰে জ'ৰ্জ ফ্লয়ডে ন্যায় পোৱাটো।

উল্লেখ্য যে, সোমবাৰে মিনিয়াপোলিছৰ হেনেপিন কাউণ্ডী মেডিকেল এগজামিনৰে জ'ৰ্জ ফ্লয়ডৰ মৰণোত্তৰ পৰীক্ষাত উল্লেখ কৰে যে, আৰক্ষী বিষয়াই জৰ্জৰ ডিঙিত হেঁচা প্ৰয়োগ কৰাৰ বাবেই তেওঁৰ মৃত্যু হৈছে। আৰু এয়া এক হত্যাকাণ্ড। অৱশ্যে এগজামিনৰে লগতে কয় যে, জ'ৰ্জৰ মৃত্যু হত্যা কৰাৰ উদ্দেশ্যেৰেই কৰা হৈছিল বুলি সিদ্ধান্ত লোৱাতো ভুল হ'ব।

ইফালে, কৃষ্ণাংগসকলৰ তীব্ৰ প্ৰতিবাদৰ লগতে সংঘটিত হোৱা হিংসাত্মক ঘটনাসমূহ বন্ধ কৰাৰ বাবে নিউয়ৰ্কৰ মেয়ৰগৰাকীয়ে আহ্বান জনাইছে যে- নিশা ভাগত প্ৰতিবাদ নকৰে যেন। নহ'লে হিংসাত্মক ঘটনা সংঘটিত হোৱা তথা পৰিস্থিতি অধিক অৱনতি ঘটিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in