মৃত্যুৰ পাছতে আহিল খবৰ, কৃষ্ণাংগ জৰ্জ ফ্লয়ডৰ শৰীৰত কোৰোনা ভাইৰাছ…

মৃত্যুৰ পাছতে আহিল খবৰ, কৃষ্ণাংগ জৰ্জ ফ্লয়ডৰ শৰীৰত কোৰোনা ভাইৰাছ…

ডিজিটেল ডেস্কঃ কৃষ্ণাংগ ব্যক্তি জৰ্জ ফ্লয়ডৰ আমেৰিকাৰ শ্বেতাংগ আৰক্ষীৰ হাতত মৃত্যু হোৱাৰ পিছতেই সমগ্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতে অব্যাহত আছে প্ৰতিবাদ। তাৰ মাজতেই পোহৰলৈ আহিছে আন এক তথ্য। জৰ্জ ফ্লয়ডৰ মৰণোত্তৰ পৰীক্ষাত ধৰা পৰিল দেহত থকা কোৰোনাৰ অৱস্থিতি।

আনহাতে কৃষ্ণাংগ ব্যক্তিজনৰ হত্যাত অভি্যুক্ত হিচাপে ডেৰেক চৌভিনৰ নাম প্ৰকাশ পোৱাৰ পাছতেই আৰক্ষী বিষয়াজনৰ ওপৰত 'ছেকেন্দ ডিগ্ৰী' হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। আনহাতে জৰ্জ ফ্লয়ডৰ মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পোৱা অনুসৰি ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ সময়তে হাৰ্ট এটেক হৈ মৃত্যু ঘটে কৃষ্ণাংগ ব্যক্তিজনৰ।

অৱশ্যে জৰ্জ ফ্লয়ডৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত লজ এঞ্জেলছৰ চিটী হলত বিশাল প্ৰতিবাদী কণ্ঠ শুনা গৈছিল। চান ফ্ৰান্সিস্কোত বৃহস্পতিবাৰে পুৱাৰ ভাগত সান্ধ্য আইন শিথিল কৰে প্ৰশাসনে আৰু লগতে স্থানীয় আৰক্ষীৰ দল শক্তিশালী কৰিবলৈ অন্য ৫০ টা ৰাষ্ট্ৰীয় গাৰ্ডক নিযুক্তি দিয়া হয়।

উল্লেখ্য যে, মিনেপোলিছ আৰক্ষীয়ে ৯১১ নম্বৰত অহা এটা ফোনকল অনুসৰি ২০ ডলাৰৰ এখন নকল নোট দি চিগাৰেট ক্ৰয় কৰাৰ অভি্যোগত জৰ্জ ফ্লয়ড নামৰ কৃষ্ণাংগ ব্যক্তিজনক আটক কৰে। কিন্তু তাৰ পিছতে বৰ্বৰতাৰ সীমা চেৰাই আৰক্ষীয়ে তেওঁৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰিও তেওঁক শুৱাই লৈ ডিঙিত সমস্ত শৰীৰৰ ওজন দি হেঁচি ধৰিছিল। তাৰ পাছতেই মৃত্যু ঘটিছিল জৰ্জ ফ্লয়ডৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in