দক্ষিণ ভাৰতৰ বহু নেতাৰ আশংকা- ৰাহু কালৰ অশুভ সময়ত ঘোষণা হ’ব পাৰে লোকসভা নিৰ্বাচনৰ তাৰিখ

দক্ষিণ ভাৰতৰ বহু নেতাৰ আশংকা- ৰাহু কালৰ অশুভ সময়ত ঘোষণা হ’ব পাৰে লোকসভা নিৰ্বাচনৰ তাৰিখ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে দেশৰ ৰাজনৈতিক দলসমূহ। লোকসভা নিৰ্বাচনক লৈ দেওবাৰে সন্ধিয়া ৫ বজাৰ পৰা নিৰ্বাচনী আয়োগে এক গুৰুত্বপূৰ্ণ সংবাদ মেল আয়োজন কৰিছে। এই সংবাদ মেলতে নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন, ২০১৯ৰ তাৰিখ ঘোষণা কৰাৰো সম্ভাৱনা আছে। কিন্তু নিৰ্বাচন আয়োদগৰ এই সংবাদ মেলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দক্ষিণ ভাৰতৰ একাংশ ৰাজনৈতিক নেতাই।

দক্ষিণ ভাৰতৰ একাংশ নেতাই দাবী কৰা মতে, দেওবাৰে বিয়লি ৪.৩০ বজাৰ পৰা ৬ বজালৈ ৰাহু কালৰ প্ৰভাৱ থকা বাবে এই সময়খিনি যিকোনো শুভ কামৰ বাবে উচিত নহয়। তেনে পৰিপ্ৰেক্ষিততে লোকসভা নিৰ্বাচনক লৈ দেশৰ নিৰ্বাচন আয়োগে সম্বোধন কৰিবলগা সংবাদ মেলখনো এই ৰাহু কাল চক্ৰৰ সময়তে অনুষ্ঠিত হোৱাৰ ইয়াৰ ফল অশুভ হোৱাৰ আশংকা কৰিছে দক্ষিণ ভাৰতৰ একাংশ নেতাই।

উল্লেখ্য যে, প্ৰতিদিনেই সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তৰ ভিতৰত ৯০ মিনিট সময় ৰাহু কাল হিচাপে ধৰা হয়। দেওবাৰে এই ৰাহু কালৰ যোগ পৰিছে বিয়লি ৪.৩০ বজাৰ পৰা ৬ বজালৈ। সেই সময়খিনিত জ্যোতিষ শাস্ত্ৰত বিশ্বাস ৰখা দক্ষিণ ভাৰতৰ বহু কেইগৰাকী নেতাই যিকোনো শুভ কৰ্ম সম্পাদন কৰাৰ পৰা বিৰত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in