গীতামন্দিৰত উচ্ছেদ অভিযান, দোকান-পোহাৰৰ লগতে কালি মন্দিৰো উচ্ছেদ…

গীতামন্দিৰত উচ্ছেদ অভিযান, দোকান-পোহাৰৰ লগতে কালি মন্দিৰো উচ্ছেদ…
  • গুৱাহাটী মহানগৰীৰ গীতামন্দিৰত কামৰূপ জিলা প্রশাসনে বৃহস্পতিবাৰে এক উচ্ছেদ অভিযান চলায়।
  • এই উচ্ছেদ অভিযানত গীতামন্দিৰ প্ৰৱেশ পথত থকা কেইবাখনো সৰু ডাঙৰ দোকান উচ্ছেদ কৰে।
  • উচ্ছেদকাৰী দলে সেই উচ্ছেদ অভিযান চলোৱাৰ পাছত সেই স্থানত দোকান দিয়া ব্যৱসায়ীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
  • উল্লেখযোগ্য যে, কোনো জাননী প্ৰেৰণ নকৰাকৈ এই উচ্ছেদ অভিযান চলোৱা বুলি অভিযোগ কৰে ব্যৱসায়ীসকলে।
  • উচ্ছেদকাৰী দলটোৱে গীতামন্দিৰৰ সমীপৰ কেইবাখনো দোকানৰ লগতে বিএছএফ কেম্পৰ সন্মুখত থকা কালি মন্দিৰটো ভাঙি পেলায়।
  • স্থানীয় লোকৰ প্ৰতিক্ৰিয়া কোভিডৰ সময়ত কোনোমতে সৰু দোকান এখন দি জীৱন নিৰ্বাহ কৰা এই সকল লোকক উচ্ছেদ চলোৱাতো ভাল হোৱা নাই।
  • গীতানগৰ থানা গীতামন্দিৰৰ প্ৰৱেশ পথৰ সমীপৰ স্থানলৈ স্থানান্তৰ কৰাৰ নামত বহু গছ বন কাটি পেলোৱাৰ কাৰ্যতো আচৰ্য ব্যক্ত কৰে স্থানীয় লোকে।
  • এজন স্থানীয় লোকে অভিযোগ কৰে যে, এই উচ্ছেদ অভিযান চক্ৰান্তমূলকভাৱে চলোৱা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in