গাভৰুপৰ্বত কাণ্ডঃ গাভৰু চাহ বাগিচাৰ চকীদাৰক আটক আৰক্ষীৰ…

গাভৰুপৰ্বত কাণ্ডঃ গাভৰু চাহ বাগিচাৰ চকীদাৰক আটক আৰক্ষীৰ…
  • দেৱাশীষ গগৈ গাভৰুপৰ্বত কাণ্ডৰে জড়িত আৰু এজনক আটক আৰক্ষীৰ।
  • গাভৰু চাহ বাগিচাৰ চকীদাৰ জনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে।
  • চকীদাৰজনৰ সৈতে বিতৰ্ক হৈছিল দেৱাশীষ গগৈৰ।
  • যোৰহাট আৰক্ষীয়ে দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰে জড়িত সকলৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান।
  • একাংশ লোকে দেৱাশীষ গগৈৰ পৰা গাভৰু চাব বাগিচাৰ পৰিচালকগৰাকীয়ে ম'বাইল কাঢ়ি লোৱা বুলি প্ৰচাৰ চলাইছে।
  • এই কথা মিছা বুলি জনালে যোৰহাট জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে।
  • অনুসন্ধানৰ খাটিৰত তেওঁ এই ঘটনাৰে জড়িত সকলৰ সন্দৰ্ভত বিশেষ একো নক'লেও আৰক্ষীয়ে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিলে।
  • আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো জনাইছে যোৰহাট আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in