গাভৰুকাণ্ডঃ আৰক্ষীৰ জালত আৰু চাৰি অভিযুক্ত…

গাভৰুকাণ্ডঃ আৰক্ষীৰ জালত আৰু চাৰি অভিযুক্ত…

ডিজিটেল সংবাদ, মৰিয়নীঃ মৰিয়নী গণপ্ৰহাৰৰ লগত জড়িত আৰু চাৰিজন লোকক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে। আটক কৰা ধৃত অভিযুক্ত কেইজন ক্ৰমে- ৰমেন চবৰ, মণিৰাম চবৰ, বলিন খাৰিয়া আৰু বিজিত নায়ক। গাভৰু চাহ বাগিছাৰ গাঁওৰক্ষী বাহিনী আৰু আটছাই আৰক্ষীক গতাই দিয়ে ধৃত চাৰিজন অভিযুক্তক।

এই পৰ্যন্ত ঘটনাটোৰ সৈতে জড়িত ১৫ জন লোকক মৰিয়নী আৰক্ষীয়ে আটক কৰিছে। উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ দিনা একাংশ লোকে দেৱাশীষ গগৈ আৰু আদিত্য দাসৰ হাতৰ পৰা কাঢ়ি নিয়া, ম'বাইল দুটা, পাৰ্ছ আৰু স্কুটী চাবিটো এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে, দেৱাশীষৰ হত্যাকাণ্ডৰ লগত গাভৰু চাহ বাগিছাৰ পৰিচালক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি চুতীয়া ছাত্ৰ সন্থাই মৰিয়নী থানাত এজাহাৰ প্ৰদান কৰিছিল যদিও, আৰক্ষীয়ে বৰ্তমানলৈকে মূল অভিযুক্ত বুলি অভিযোগ উত্থাপন হোৱা পৰিচালকদ্বয় জয়জীৎ সিং পাল আৰু বলবীৰ সিঙক আটক নকৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in