‘জয় শ্ৰীৰাম’ ধ্বনি দি হিন্দুসকলক ঐক্যবদ্ধ হোৱাৰ আহ্বান গৌতম ৰয়ৰ…

‘জয় শ্ৰীৰাম’ ধ্বনি দি হিন্দুসকলক ঐক্যবদ্ধ হোৱাৰ আহ্বান গৌতম ৰয়ৰ…

ডিজিটেল সংবাদ, শিলচৰঃ ইমান দিনে হিন্দুৰ ভোটেৰে জয় হৈ অহা গৌতম ৰয়ে বৰাকৰ হিন্দুসকলক ৰক্ষা কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিছে৷ এতিয়াৰ পৰা হিন্দুসকলক ৰক্ষা কৰাই মুখ্য কাম হ'ব কংগ্ৰেছ ত্যাগ কৰি সদ্য গেৰুৱা বসন পিন্ধা বৰাকৰ এসময়ৰ মহা প্ৰতাপী কংগ্ৰেছী গৌতম ৰয়ৰ৷ বিজেপিত যোগদান কৰাৰ পিচত বুধবাৰে বৰাকত উপস্থিত হোৱা গৌতম ৰয়ে শিলচৰ বিজেপি কাৰ্যলয়ত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে৷

জয় শ্ৰীৰাম ধ্বনি দি গৌতম ৰয়ে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীক উচ্চ প্ৰশংসা কৰে৷ ইয়াৰ পূৰ্বে গুৱাহাটীৰ বিমানেৰে কুম্ভীৰগ্ৰাম বিমানকোঠত উপস্থিত হোৱা গৌতম ৰয়ক হাইলাকান্দি আৰু কৰিমগঞ্জৰ সহস্ৰাধিক সমৰ্থকে উষ্ম আদৰণি জনায়৷ পিচত গাড়ীৰ এক বিশাল সমদল কৰি শিলচৰলৈ আদৰি অনা হয় গৌতম ৰয়ক৷

শিলচৰত উপস্হিত হৈ প্ৰথমে শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে৷ তাৰ পিছত বৰ্ষীয়ান বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ ঘৰলৈ গৈ তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰে গৌতম ৰয়ে৷ শেষত কাছাৰ বিজেপিৰ কাৰ্যলয়ত উপস্থিত হোৱা গৌতম ৰয়ক সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ সহ জিলা বিজেপিৰ নেতৃবৰ্গই উত্তৰীয় আৰু ফুলৰ থোপা দি আদৰনি জনায়৷ পিচত সংবাদ মাধ্যমৰ মুখামুখী হৈ বৰাকৰ পৰা কংগ্ৰেছক নিঃচিহ্ন কৰাৰ বাবে তেওঁ চেষ্টা চলাব বুলি মন্তব্য কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in