শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ, আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গৌতম ৰায়ৰ মৃত্যু…

1,738

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক , কোকৰাঝাৰ জিলা ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা কালিপুখুৰী কাকোৰমাৰী গাওঁ নিবাসী গৌতম ৰায়(৫৫) দীর্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত অৱশেষত শনিবাৰে বিয়লি ইহ সংসাৰ ত্যাগ কৰে। অসম আন্দোলনৰ অগ্ৰণী নেতা তথা ৰাজ্যৰ একালৰ মুখ্যমন্ত্ৰীৰ সতীৰ্থ গৌতম ৰায়ৰ মৃত্যুৰ বাতৰি বিয়লি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই প্ৰয়াতৰ বাসভৱনত ভিৰ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

দেওবাৰে প্ৰয়াত গৌতম ৰায়ৰ শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰা হয়। শেষকৃত্য অনুষ্ঠানৰ পূৰ্বে মৃতকক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কোকৰাঝাৰ জিলা আছু , আক্ৰাছু সহিতে আন কেবাটাও দল-সংগঠনৰ প্ৰতিনিধিয়ে। অসম আন্দোলনৰ অগ্ৰণী নেতা প্ৰয়াত গৌতম ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে ।

এক বাৰ্তাত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে গৌতম ৰায়ৰ অকাল মৃত্যু সমাজ আৰু সংগঠনৰ বাবে এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে । আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ে মৃতকৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি গৌতম ৰায়ে দূৰ্যোগপূৰ্ণ মুহুৰ্ততো অসমীয়া জাতীয়তাবাদৰ পতাকাখন দৃঢ়ভাৱে ধৰি ৰাখিছিল বুলি মত প্ৰকাশ কৰে ।

আক্ৰাছুৰ মুখ্য উপদেষ্ঠা হিতেশ্বৰ বৰ্মন , আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায় , আছুৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক নজমুল হক, আছুৰ প্ৰাক্তন বিত্ত সম্পাদক উদয় বসুমতাৰী আদিকে ধৰি আন কেবাগৰাকী বিশিষ্ট ব্যাক্তিয়ে প্ৰয়াত গৌতম ৰায়ৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে । ইয়াৰোপৰি বিটিচিৰ ১২ নং ছালাকাটি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেৰহাছাৎ বসুমতাৰীয়ে প্ৰয়াত গৌতম ৰায় এগৰাকী বিশিষ্ট সমাজসেৱক আৰু প্ৰগতিশীল মনৰ ব্যক্তি আছিল বুলি মন্তব্য কৰে । মৃত্যুৰ পূৰ্বে গৌতম ৰায়ে পত্নী , এগৰাকী কন্যা আৰু এগৰাকী পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধত ইহসংসাৰত এৰি থৈ যায় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি