শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

পিছৰ জনমতো মই ভাৰতৰ হৈয়ে ক্ৰিকেট খেলিমঃ অৱসৰ ঘোষণা গম্ভীৰৰ

1,125

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ সকলো শ্ৰেণীৰ খেলৰ পৰা অৱসৰ লব ভাৰতৰ অভিজ্ঞ ক্ৰিকেটাৰ গৌতম গম্ভীৰে।  মঙলবাৰে এই ঘোষণা কৰে ক্ৰিকেটাৰ গৰাকীয়ে। অহা ৬ ডিচেম্বৰত ফিৰুজাবাদ কৌটলা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ৰণজী ট্ৰফীৰ এখন খেলেৰে ক্ৰিকেট জগতৰ পৰা বিদায় লব গম্ভীৰে।

ক্ৰিকেটজগতৰ কেইবাটাও ৰেকৰ্ডৰ গৰাকী গম্ভীৰে এই খেলপথাৰৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মঙলবাৰে সংবাদমেল সম্বোধন কৰি গৌতম গম্ভীৰে আৱেগিক হৈ কয় ‘ মোৰ কেৰিয়াৰ আৰম্ভ কৰা এই খেলপথাৰতে মই শেষৰখন খেল খেলিব বিচাৰিছো আৰু সেইমতেই সকলো হৈছে। দীৰ্ঘসময় সময় ধৰি ভাৰতীয় ক্ৰিকেট দলৰ হৈ খেলা ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় ‘ পিছৰ জনমতো মই ক্ৰিকেটাৰ হিচাপে জন্ম হলে ভাৰতীয় ক্ৰিকেট দলৰ হৈয়ে খেলিম।’

কেইবাখনো খেলত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপেও দায়িত্ব পালন কৰিছিল গম্ভীৰে। কেৰিয়াৰৰ ৫৮ খন টেষ্ট মেচত ৯ টা শতকেৰে ৪১৫৪ ৰাণ, ১৪৭ খন এদিনীয়াত ১১ টা শতকেৰে ৫২৩৮ ৰাণ আৰু ৩৭ খন টি ২০ খেলত সাতটা অৰ্ধশতকেৰে ৯৩২ ৰাণ সংগ্ৰহ কৰিছে গম্ভীৰে। প্ৰায় এটা দশক ধৰি খেলপথাৰত দপদপাই থকা গম্ভীৰৰ বিদায়ৰ খবৰ শুনি ছচিয়েল মিডিয়াত বহু অনুৰাগীয়ে খেলুৱৈগৰাকীক লৈ আৱেগিক পোষ্ট দিয়াও দেখা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি