অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া…

অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰতেও এতিয়া যুঁজ দি আছে কোৰোনা ভাইৰাছৰ বিৰুদ্ধে। কেৱল ভাৰততে বৰ্তমানলৈ COVID-19ত আক্ৰান্ত হৈ ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আনহাতে, এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪সহস্ৰাধিক হৈছেগৈ। তাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু বিজেপি সাংসদ গৌতম গম্ভীৰৰ মাজত টুইটাৰতে এক দেখিবলৈ পোৱা গৈছে মতভেদ।

বিজেপি সাংসদগৰাকীয়ে প্ৰথমে এটা টুইটত লিখিছিল- 'মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপমুখ্যমন্ত্ৰী মনীষ ছিছদিয়াই কৈছিল যে, ফাণ্ডৰ প্ৰয়োজন হৈছে। মই প্রথম নিজৰ সাংসদ নিধিৰ পৰা ৫০ লাখ টকা দানৰ প্ৰস্তাৱ দিছিলো, কিন্তু সেই ধন বৰ্তমানলৈ দিল্লী চৰকাৰে গ্ৰহণ কৰা নাই। জনসাধাৰণৰ সমস্যা যেন হ্ৰাস পাই তাৰ বাবেই আৰু ৫০ লাখ টকা দিছিলো। ১ কোটি টকাৰ মাস্ক আৰু পিপিই কীট ল'ব পাৰিলে হয়।'

গৌতম গম্ভীৰৰ এই টুইটটোৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ টুইটাৰত লিখে- 'গৌতমজী, আপুনি দিয়া প্ৰস্তাৱৰ বাবে ধন্যবাদ। সমস্যা টকাৰ নহয়, পিপিই কীট উপলব্ধ কৰোৱাতোহে। যদি আপুনি তৎকালীনভাৱে আমাক পিপিই কীট দিব পাৰে তেন্তে আমি কৃতজ্ঞ হম। দিল্লী চৰকাৰে সেই পিপিই কীটবোৰ ক্ৰয় কৰিব। ধন্যবাদ।'

দিল্লীৰ মুখ্যমন্ত্ৰীৰ কেজৰিৱালৰ টুইটটোক লৈ বিজেপি সাংসদগৰাকীয়েও ব্যক্ত কৰে প্ৰতিক্ৰিয়া। তেওঁ লিখে- 'অৰবিন্দ জী, প্ৰথম আপোনালোকৰ উপ-মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে ধনৰ অভাৱ হৈছে। এতিয়া আপুনি কৈছে যে ধন নহয়, পিপিই কীটৰহে অভাৱ। বাৰু, ১০০০ পিপিই কীটক অনা হৈছে। অনুগ্ৰহ কৰি মোক জনাব যে এইবোৰ ক'ত লৈ যাম। এয়া কথা কোৱাৰ নহয়, কাম কৰাৰহে সময়। আপোনাৰ উত্তৰ বাবে অপেক্ষা কৰি আছো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in