ৰাজনীতি নহয়, দিল্লীৰ অগ্নিকাণ্ডৰ তদন্ত হ’ব লাগেঃ গৌতম গম্ভীৰ

ৰাজনীতি নহয়, দিল্লীৰ অগ্নিকাণ্ডৰ তদন্ত হ’ব লাগেঃ গৌতম গম্ভীৰ
  • দিল্লীৰ অগ্নিকাণ্ডক লৈ প্ৰতিক্ৰিয়া বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ।
  • দিল্লীৰ অগ্নিকাণ্ডত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে তেওঁ।
  • 'এই অগ্নিকাণ্ডক মই ৰাজনীতিৰে সাঙুৰিব বিচৰা নাই।'
  • 'কিন্তু এই ঘটনাৰ উচিত তদন্ত হ'ব লাগে।'
  • 'কোনোবাই এই অগ্নিকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা উচিত।'
  • সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে সাংসদগৰাকীয়ে।
  • উল্লেখ্য যে, দেওবাৰে পুৱা দিল্লীৰ ৰাণী ঝাঁচী ৰোডৰ অনাজ মন্দীৰ সমীপত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা ফেক্টৰীৰ অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ৪৩ জন লোক নিহত হোৱাৰ উপৰিও আহত হয় প্ৰায় অৰ্ধশতাধিক লোক।
  • এই ঘটনাৰ পিছতে অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰে গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in