গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা…

গৰৈমাৰীত অগপৰ মহিলা শক্তি সমাৰোহত ডাঃ কমলা কলিতা…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কংগ্ৰেছে মৌলবাদী ৰাজনীতি দলৰ লগত মিলিত হৈ অসমক ধ্বংস কৰাৰ প্ৰস্তুতি চলাইছে৷ দেওবাৰে বিয়লি কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত অনুষ্ঠিত হোৱা অগপৰ 'মহিলা শক্তি সমাৰোহ'ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই এইদৰে কয়৷ মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ মিঞা ভোট নালাগিলেও অসম গণ পৰিষদ দলৰ মিঞা ভোট লগাৰ কথাও ডাঃ কলিতাই ব্যক্ত কৰে৷

অগপ দলৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলাকান্ত কলিতাই বিজেপিৰ লগত অগপ দলৰ মিত্ৰতা আছে যদিও অগপ দল বিজেপিৰ তলতীয়া নহয় বুলি মন্তব্য কৰে৷ ৰাজ্যত এইবাৰো অগপ-বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো ১০০ শতাংশ নিশ্চিত বুলি কয়৷ ১৯৮৫ চনৰ পৰাই ছয়গাঁও বাসীৰ সুখ-দুঃখৰ সৈতে জড়িত হৈ থকা কলমা কলিতাই আবেগিক হৈ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনেই জীৱনৰ অন্তিমটো নিৰ্বাচন বুলি উল্লেখ কৰি ডাঃ কলিতাই কয়-অগপ দলে সদায় ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শৰে সমাজ ব্যৱস্থাক আগুৱাই লৈ যোৱাৰ কাম কৰি আহিছে আৰু ধৰ্মীয় আৱেগেৰে কোনো এজন ব্যক্তিৰ ওপৰত হাৰাশাস্তি কৰিব নিদিয়ে বুলি স্পষ্ট কৰে৷

ছয়গাঁও সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নাম উচ্চাৰণ নকৰাকৈ তীব্ৰ সমালোচনা কৰাৰ লগতে তীৰ, মদ, জুৱা আদিৰ প্ৰচলনে সমাজ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে আৰু এই অসামাজিক কাৰ্যকলাপক প্ৰশ্ৰয় দিয়াসকলক ছয়গাঁওবাসী আগন্তক বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে৷ প্ৰাক্তন মন্ত্ৰী কমলা কলিতাই পুনৰ কয়-আগন্তক বিধানসভা নিৰ্বাচনত জয়ী হ'লে এন আৰ চিৰ নামত ছয়গাঁও সমষ্টিৰ কোনো এজন লোকক হাৰাশাস্তি হ'বলৈ নিদিয়ে বুলি উল্লেখ কৰি যুৱ সমাজক বিভিন্ন প্ৰকাৰে সংস্থাপন দিয়াই দলটোৰ মূল লক্ষ্য হ'ব বুলি মন্তব্য কৰে৷

অগপ দলৰ গৰৈমাৰী আৰু পূৱ ছমৰীয়া মণ্ডল পৰিষদৰ উদ্যোগত অগপৰ গৰৈমাৰীস্থিত মুখ্য কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা মহিলা শক্তি সমাৰোহৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ প্ৰদান কৰে দোস্ত হাবিবুৰ ৰহমানে৷ গৰৈমাৰী মণ্ডল পৰিষদৰ সভাপতি আক্কাছ আলী আহমেদে পৰিচালনা কৰা সভাত পূৱ ছমৰীয়া মণ্ডল পৰিষদৰ সভাপতি আব্দুৰ ৰহমান কয়-আই পি এল তথা তীৰখেলৰ জুৱাৰী হৈছে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ঘনিষ্ঠ ব্যক্তি আৰু কংগ্ৰেছী বিধায়কগৰাকীৰ নেতৃত্বতে ছয়গাঁও আৰু গৰৈমাৰীৰ সমাজ জীৱন কলুষিত হৈ পৰা বুলি কয়৷

বিগত দিনত কংগ্ৰেছ চৰকাৰৰ আমোলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ সংখ্যালঘু মানুহত হত্যা কৰা হৈছিল বুলি উল্লেখ কৰি আগন্তক দিনত অগপ দলৰ প্ৰতিগৰাকী কৰ্মীকে একোগৰাকী সৈনিকৰ দৰে কাম কৰি যাবলৈ সমাৰোহত উপস্থিত সকলোৰে প্ৰতি অগপ নেতাগৰাকীয়ে আহ্বান জনায়৷ সভাত অগপৰ টুক্ৰাপাৰ গাঁও পঞ্চায়ত মহিলা পৰিষদৰ সভানেত্ৰী মঞ্জুৱাৰা খানম, ছয়গাঁও বিধান পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল ইছলাম, গৰৈমাৰী মণ্ডল পৰিষদৰ কাৰ্যকৰী সভাপতি নূৰ ইছলাম, ছয়গাঁও সমষ্টি কমিটিৰ সম্পাদক গোলাপ মেধিয়ে সভাত ভাষণ প্ৰদান কৰে৷

ইফালে, সভাত লগতে সভাত ছয়গাঁও সমষ্টি যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি আছিফ আহমেদ ওৰফে ৰাজু, নূৰ হাই, জ্যেষ্ঠ অগপ কৰ্মী আনোৱাৰ হোছেইন, বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব আলীৰ বিশিষ্ট দলীয় কৰ্মকৰ্তাসকল অংশগ্ৰহণ কৰে৷ আনহাতে, সভাৰ পূৰ্বে গৰৈমাৰী আৰু পূব ছমৰীয়া মণ্ডল পৰিষদৰ উদ্যোগত বৃহৎ সংখ্যক মটৰ চাইকেল লৈ সমদল উলিয়াই ছয়গাঁৱৰ পৰা গৰৈমাৰীলৈ ডাঃ কমলাকান্ত কলিতাক উষ্ম আদৰণী জনায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in