শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ব বিদ্যালয়ে শীঘ্ৰে আৰম্ভ কৰিব স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া। বিশ্ববিদ্যালয়খনে স্নাতকোত্তৰ মহলাৰ প্ৰতিটো বিভাগৰ নামভৰ্তি সন্দৰ্ভত এক জাননী জাৰী কৰিছে।

জাননী অনুসৰি বিশ্ববিদ্যালয়খনত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে প্ৰেৱশ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। এই পৰীক্ষা অফলাইন মাধ্যমেৰে অনুষ্ঠিত হ’ব। ২০২১-২২ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে উমৈহতীয়া প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব।

অৰ্থনৈতিকভাৱে দুৰ্বল শাখা (EWS) অৰ্থাত অসংৰক্ষিত শ্ৰেণীৰ ১০ শতাংশ বিশ্ববিদ্যালয় বিভাগ আৰু বিশ্ববিদ্যালয়ৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ বাবে বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব।

অধ্যয়নৰ পৰম্পৰাগত পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ ক্ষেত্ৰত , মুঠ ৮০ শতাংশ আসন গুৱাহাটী বিশ্বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ভাৱে সংৰক্ষিত হোৱাৰ বিপৰীতে বাকী ২০ শতাংশ আসন আন শিক্ষাৰ্থীৰ ভাৱে সংৰক্ষিত কৰা হ’ব। অধ্যয়নৰ আন্তঃশাখা পাঠ্যক্ৰমৰ সকলো আসনেই বিশ্ববিদ্যালয় নিৰ্বিশেষে সকলো শিক্ষাৰ্থীৰ বাবে মুকলি থাকিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি