শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

বটদ্ৰৱাত গৰু বিহু উদযাপন,উখল মাখল পৰিবেশ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : বুধবাৰে গৰু বিহু। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত অসমীয়া জাতিয়ে পালন কৰা গৰু বিহুৰ দিনা পুৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ প্ৰতিঘৰ গৃহস্থই কৃষ্টি সংস্কৃতিৰ অংশ নিজৰ পোহনীয়া গৰুক নোৱাই ধুৱাই উদযাপন কৰিছে গৰু বিহু।

ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ নসত্ৰ এইদৰে লাও, বেঙেনা, কেৰেলা, হালধ, থেকেৰাৰ কাটি বাহৰ চাত বনাই, “লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু” বুলি সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰে গৃহস্থই। জ্যেষ্ঠ- কনিষ্ঠ সকলো একগোট হৈ চহকী সংস্কৃতিক জীপাল কৰি তুলি এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি