শেহতীয়া খবৰ
অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান  •  পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ...  •  ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ  •  পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য  •  'বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰ জালমুৰি আৰু ফাষ্টফুডৰ নিচিনা'  •  পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত ধাৰাসাৰ গুলিবৰ্ষণ  •  হঠাৎ ওদালগুৰিত কিয় কোব্ৰা-সেনাক নিয়োগ কৰিব আৰক্ষীয়ে?  •  মুম্বাইৰ এন আই এ টীমৰ জালত ৱাণ্টেড কালিয়া...  •  পথ কেনি  •  বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বেট-বলৰ যুঁজত নামিবনে ভাৰত?

জেহাদীৰ পুলি-পোখা উভালি পেলোৱাৰ দাবীত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

180

ডিজিটেল ডেস্কঃ অতি সংগোপনে অসমত জেহাদীয়ে চলাই আছে কাৰ্যকলাপ। শেহতীয়াকৈ এই তথ্য পোহৰলৈ অহাৰ পাছত জেহাদীৰ পুলি-পোখলা উভলাৰ দাবীত বুধবাৰে মহানগৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সদৌ অসম গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদে। বিশেষকৈ হিজবুল মুজাহিদীনক অসমৰ পৰা সমুলাঞ্চে উৎখাত কৰাৰ দাবীত জোৰ সমদল বাহিৰ কৰে সংগঠনটোৱে।

দীঘলীপুখুৰীৰ পাৰত গৰিয়া-মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থকে এই কাৰ্যসূচী ৰূপায়ন কৰে। সন্ত্ৰাসবাদী সংগঠনটোক তীব্ৰ ভাষাৰে গৰিহণা দি পৰিষদৰ সম্পাদক মইনুল হকে কয়- অসম তথা ভাৰতৰ বায়ু-পানী সেৱন কৰি নিজ ৰাষ্ট্ৰৰ বিৰুদ্ধে এনে কুটিল ষড়যন্ত্ৰ কৰাৰ ফলত কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। লগতে এনে সংগঠনসমূক সকীয়াই দি ইছলাম ধৰ্মক কলংকিত নকৰিবলৈ সতৰ্ক কৰি দিয়ে সংগঠনটোৱে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি