গোৱালপাৰাৰ ভোট গণনাত পক্ষপাতিত্বঃ বিধায়ক ৰছিদ আলম

গোৱালপাৰাৰ ভোট গণনাত পক্ষপাতিত্বঃ বিধায়ক ৰছিদ আলম

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ডিচেম্বৰ মাহত অনুষ্ঠিত গোৱালপাৰাৰ দ্বিতীয় পৰ্যায়ৰ ভোট গণনাত নিৰ্বাচনী বিষয়াই চৰম পক্ষপাতিত্ব কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পূৱ গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত বিধায়কগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে- পূৱ গোৱালপাৰাৰ অন্তৰ্গত বদাহপুৰ জিলা পৰিষদ সমষ্টিৰ ভোট গণনাত গণনাৰ দায়িত্বত থকা ভোট গণনাকাৰী বিষয়া-কৰ্মচাৰীসকলে পক্ষপাতিত্ব কৰিছে। এই সন্দৰ্ভত বদাহপুৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাউন্টিং এজেন্টসকলে আৰু স্থানীয় বিধায়কজনে ভোট গণনা চলি থকা অৱস্থাত নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত বৰ্ণালী ডেকাক অভিযোগ দিয়ে।

আনকি সমষ্টিটোৰ ভোট গণনা পৰ্ব শেষ হোৱাৰ পিছতো কংগ্ৰেছৰ প্ৰাৰ্থী চিৰাজুল হকে ভোট গণনাত পক্ষপাতিত্ব হোৱাৰ সন্দেহ কৰি পুনৰ ভোট গণনাৰ বাবে আনুষ্ঠানিকভাৱে লিখিত আবেদন কৰে। কিন্তু নিৰ্বাচনী বিষয়াই কোনো গুৰুত্ব নিদিলে। বৰং পুনৰ ভোট গণনা অনুষ্ঠিত কৰা নহয় বুলি প্ৰাৰ্থীগৰাকীক লিখিতভাৱে জনায় নিৰ্বাচনী বিষয়াই। উল্লেখযোগ্য যে, পূৱ গোৱালপাৰা জিলা পৰিষদ সমষ্টিটোত বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী ৰূপালী ৰাভাই কংগ্ৰেছৰ প্ৰাৰ্থী চিৰাজুল হকক ৩ শতাধিক ভোটৰ ব্যৱধানত পৰাজয় কৰা বুলি ফলাফল ঘোষণা কৰে।

ইপিনে যোৱা শনিবাৰে বিধায়ক এ কে ৰছিদ আলমৰ গোৱালপাৰা চহৰৰ কিছমৎপুৰৰ নিজা বাসভৱনৰ চৌহদত অনুষ্ঠিত কংগ্ৰেছ দলৰ বিজয়ী জিলা পৰিষদৰ সদস্য দুজন, আঞ্চলিক পঞ্চায়ত সদস্য-সদস্যা ১২ জন, গাঁও পঞ্চায়ত সদস্যা-সদস্য ১৩ জন আৰু ৯৪ জন বিজয়ী ৱাৰ্ড মেম্বৰক জনোৱা সম্বৰ্ধনা অনুষ্ঠানটোত ৰাজনৈতিক প্ৰভাৱৰ ফলত ভোট গণনাত পক্ষপাতিত্ব হোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত পুনৰ ভোট গণনা অনুষ্টিত হ'লে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী নিশ্চিতভাৱে জয়ী হ'ব বুলি সজোৰ দাবী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in