অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ…

অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, কৃষ্ণাই: সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে "আত্মনিৰ্ভৰশীল অসম" গঢ়ি তোলাৰ নামত ক্ষুদ্ৰ , লঘু , মজলীয়া উদ্যোগ স্থাপন সম্পৰ্কিত প্ৰস্তাৱিত ভূমি অধ্যাদেশ, ২০২০ বাতিলৰ দাবীত তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ , বিতু সোণোৱাল , ধৈৰ্য কোঁৱৰ , মানস কোঁৱৰসহ সকলো ৰাজনৈতিক বন্দীৰ বিনাচৰ্তে মুক্তিৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই আহ্বান জনোৱা ৰাজ্যব্যাপী প্ৰতিবাদ দিৱস পালন কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গ্ৰামীণ শ্ৰমিক সন্থাৰ গোৱালপাৰা জিলা সমিতিয়ে শনিবাৰে কৃষ্ণাইৰ আশুডুবীত লকডাউনৰ সকলো বিধি পালনেৰে ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰে ।

প্ৰতিবাদকাৰীয়ে "কৃষক বিৰোধী প্ৰস্তাৱিত ভূমি অধ্যাদেশ বাতিল কৰক", "কৃষক নেতা অখিল গগৈ সহ সকলো ৰাজনৈতিক বন্দীক বিনাচৰ্তে মুক্তি দিয়ক", " অধ্যাদেশ সংশোধনীৰ নামত আভুৱাভাঁৰা নচলিব" , " কোৰোনাৰ আঁৰ লৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমন-নিপীড়ন বন্ধ কৰক" আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ গোৱালপাৰা জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি শুভ্ৰজ্যোতি বৰ্ধনে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিবৃতিত কয় যে- যোৱা ৯ জুলাইত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত উক্ত অধ্যাদেশত যি আংশিক সংশোধনী অনা হৈছে সেয়া ৰাইজৰ প্ৰতিবাদলৈ লক্ষ্য ৰাখি আভুৱাভাঁৰাৰ এক কৌশল হে । কাৰণ এই চৰকাৰৰ দিনতেই ২০১৫ চনত কৃষক বিৰোধী অসম কৃষি ভূমি (অ-কৃষি উদ্দ্যেশত পুনৰ শ্ৰেণীকৰণ আৰু হস্তান্তৰৰ নিয়ন্ত্ৰণ ) আইন বনোৱা হয় ।

যাৰ বিৰোধিতা খিলঞ্জীয়াৰ ভূমি অধিকাৰ ৰক্ষাৰ প্ৰশ্নত গঠন কৰা হৰিশঙ্কৰ ব্ৰহ্ম কমিটীয়ে আৰু বিপ্লব কুমাৰ শৰ্মা নেতৃত্বাধীন ছয় নং দফা সমিতিৰ অন্যতম সদস্য খ্যাতনামা অধিবক্তা নিলয় দত্ত ডাঙৰীয়াও কৰিছে । এই চৰকাৰখনে উক্ত দুয়ো সমিতিৰ প্ৰতিবেদন আজিকোপতি ৰাজহুৱা নকৰিলে । আচৰিত হ'বলগীয়া বিষয় এয়াই যে- কোভিড-১৯ৰ ফলত হোৱা অসমৰ সংকটজনক অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠিত উপদেষ্টা সমিতিৰ পৰাও কোনোধৰণৰ পৰামৰ্শ নোলোৱাকৈয়েই কেৱলমাত্ৰ বৃহৎ বণিয়াৰ স্বাৰ্থত খৰখেদাকৈ এই অধ্যাদেশ জাৰি কৰা হৈছে ।

ব্ৰিটিছৰ দিনত উৰ্বৰ বাম কৃষিভূমি কোম্পানীবোৰে দখল কৰিছিল এতিয়া দ' কৃষিভূমিবোৰ কোম্পানীৰ দখলত নিয়াৰ ষড়যন্ত্ৰ কৰিছে । বৰ্তমানৰ বিপৰ্যস্ত অৰ্থনৈতিক দুৰ্দশাৰ সময়ত দৰিদ্ৰ প্ৰান্তিক খেতিয়কে সংকটত পৰি কম দামত (Distress Sale) কৃষি ভূমি বিক্ৰী কৰিবলৈ বাধ্য হ'ব । খৰখেদাকৈ অনা এই অধ্যাদেশৰ জৰিয়তে সোণোৱাল চৰকাৰে অসমৰ কৃষক ৰাইজৰ লগত চূড়ান্ত বিশ্বাসঘাতকতা কৰিছে আৰু নিজৰ কৰ্প'ৰেটপ্ৰীতি উদঙাই দিছে ।

কেৱল এয়াই নহয় – এই ভূমিত স্থাপন কৰা উদ্যোগত পৰিবেশ আইন , ফেক্টৰী আইন , শিল্পবিবাদ আইনো কাৰ্যকৰী নহ'ব । যি দেখদেখকৈ বৃহৎ বণিয়াৰ স্বাৰ্থবাহী । সেয়েহে আমি সম্পূৰ্ণৰূপে এই অধ্যাদেশ প্ৰত্যাহাৰৰ দাবী তুলিছোঁ । আনফালে এই চৰকাৰে নিজৰ ব্যৰ্থতা আৰু বিশ্বাসঘাতকতা ঢাকিবলৈ গণতান্ত্ৰিক আন্দোলনৰ নেতা-কৰ্মীৰ ওপৰত দমনমূলক অভিযান চলাই তেওঁলোকক কাৰাবন্দী কৰিছে ।

"কা" বিৰোধী তথা কৃষক আন্দোলনৰ নেতা অখিল গগৈ , বিতু সোণোৱাল , ধৈৰ্য কোঁৱৰ , মানস কোঁৱৰক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখাটো উক্ত ৰাজনৈতিক জিঘাংসা চৰিতাৰ্থৰ এক ফেচিস্ট প্ৰকল্প । গতিকে কোম্পানীৰাজ গঢ়ি তুলিব খোজা এই ফেচিষ্ট চৰকাৰৰ জনবিৰোধী , দমনমূলক নীতিৰ বিৰুদ্ধে সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তি আৰু সংগঠন ঐক্যবদ্ধ হোৱাটো সময়ৰ আহ্বান ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in