৮জনকৈ আৰক্ষীক হত্যা কৰা বিকাশ ডুবেক এনকাউন্টাৰ…

৮জনকৈ আৰক্ষীক হত্যা কৰা বিকাশ ডুবেক এনকাউন্টাৰ…

ডিজিটেল ডেস্কঃ ৮জনকৈ আৰক্ষী বিষয়া-জোৱানক হত্যা কৰা কুখ্যাত অপৰাধী বিকাশ ডুবে আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে। মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ হোৱা বিকাশ ডুবেক আৰক্ষীয়ে কানপুৰলৈ আনি থকা অৱস্থাতে আৰক্ষীৰ গুলীত নিহত হয় বিকাশ ডুবে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমকত প্ৰকাশিত খবৰ অনুসৰি, কানপুৰলৈ আনি থকা অৱস্থাতে গাড়ীৰ ভিতৰতে বিকাশ ডুবেই আৰক্ষীৰ পৰা পৰা পিষ্টল কাঢ়ি লোৱা চেষ্টা চলায়। গাড়ীৰ ভিতৰতে বিকাশ ডুবেই সৈতে হোৱা হতাহতি আৰক্ষীৰ বাহনখন পথৰ কাষত বাগৰি পৰে।

বাহনখন বাগৰি পৰাৰ পাছতে বিকাশ ডুবে পলাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি গুলীও চলায়। এনেসময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে বিকাশ ডুবেলৈ গুলী চলাবলৈ বাধ্য হয় আৰু এই গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ডুবে। আৰক্ষীয়ে বিকাশ ডুবেক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, বিকাশ ডুবেই সৈতে হোৱা সংঘৰ্ষ এছ টি এফৰ ১গৰাকী বিষয়া, আৰক্ষী এগৰাকী উপ পৰিদৰ্শকৰ লগতে আৰক্ষীৰ ৪গৰাকী জোৱান আহত হৈছে। তেওঁলোকক কানপুৱৱ কল্যানপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই ঘটনা শুকুৰবাৰে পুৱা ৭.১৫ৰ পৰা৭.৩৫ বজাৰ ভিতৰত সংঘটিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in