শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

বৃহস্পতিবাৰে উদ্বোধন হ’ব লগা গণেশগুৰি উৰণীয়া সেঁতুৰ সবিশেষ…

160

ডিজিটেল ডেস্কঃ ষষ্ঠীৰ দিনাই মহানগৰবাসীয়ে লাভ কৰিব বিশেষ উপহাৰ। আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে উদ্বোধন কৰা হ’ব গণেশগুৰিৰ বিষ্ণুৰাভা উৰণীয়া সেঁতুৰ সংযোগী অংশ। ২২ অক্টোবৰৰ পুৱা ৯ বজাত এই উপলক্ষে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত এই উৰণীয়া সেঁতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থাকিব স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণৰ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটী উন্নয়ন, আইন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। আশা কৰা হৈছে এই উৰণীয়া সেঁতুৰ নিৰ্মাণৰ ফলত গণেশগুৰি আৰ জি বৰুৱা পথৰ দিশৰ পৰা যান-জঁট বহু পৰিমানে হ্ৰাস পাব।

থুৰতে জানি থওঁক এই উৰণীয়া সেঁতুখনৰ সন্দৰ্ভত-

  • বিষ্ণু ৰাভা উৰণীয়া সেঁতু সংযোগী এই উৰণীয়া সেঁতুখন সংযোগ হৈছে আৰ জি বৰুৱা পথৰ সৈতে।
  • উলুবাৰী দিশৰ পৰা অহা বাহনসমূহ এতিয়াৰ পৰা এই উৰণীয়া সেঁতুৰ ওপৰেৰে প্ৰবেশ কৰিব পাৰিব আৰ জি বৰুৱা পথত।
  • আৰ জি বৰুৱা পথেদি গণেশগুৰি অভিমুখে যোৱা বাহনসমূহে পূৰ্বৰ বিষ্ণুৰাভা উৰণীয়া সেঁতুৰ তলেৰে যোৱা সলনি এতিয়াৰ পৰা এই সংযোগী উৰণীয়া সেঁতুৰ ওপৰেৰে যাব পাৰিব গণেশগুৰি অভিমুখে।
  • এই সংযোগী উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৪২৫.৫০ মিটাৰ।
  • এই উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰিছিল স্বঅগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ পৰা।
  • উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ২০১৯চনৰ ৬ মাৰ্চৰ পৰা।
  • এই প্ৰস্তাৱিত উৰণীয়া সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে লক্ষ্য লৈছিল ৩০ মাহ।
  • লক্ষণীয় যে, প্ৰস্তাৱিত ৩০ মাহৰ লক্ষ্যৰ বিপৰীতে ১৯ মাহতে নিৰ্মাণ সম্পূৰ্ণ কৰা হ’ল উৰণীয়া সেঁতুখনৰ।
  • উৰণীয়া সেঁতুখনৰ ২ কাষৰ ৱালত ৰাজ্যৰ কলা-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ সুন্দৰ কিছু চিত্ৰ অংকণ কৰা হৈছে।

  • অৱশ্যে এই সেঁতুখনৰ দুই স্থান যান-জঁট হোৱাৰ সম্ভাৱনাও নথকা নহয়।
  • বিশেষকৈ উলুবাৰী দিশৰ পৰা অহা যান-বাহনসমূহ আৰ জি বৰুৱা পথেৰে ঘূৰোতে আৰ জি বৰুৱা পথৰ পৰা ব্ৰিজৰ ওপৰেৰে গণেশগুৰি দিশে যোৱা বাহনসমূহৰ সৈতে যান-জঁট হোৱাৰ সম্ভাৱনা আছে।
  • ঠিক একেদৰে এই উৰণীয়া সেঁতুখনৰ আন এক সংযোগী কেন্দ্ৰত আৰ জি বৰুৱা পথৰ পৰা যোৱা বাহন আৰু মুল পথেৰে উলুবাৰীৰ পৰা গণেশগুৰিলৈ গৈ থকা বাহনসমূহৰ সৈতে যান-জঁটৰ সম্ভাৱনা অধিক।
  • লোক নিৰ্মাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে, শাৰদীয় দুৰ্গাপূজাত এয়া হৈছে গুৱাহাটীবাসীলৈ ৰাজ্য চৰকাৰৰ উপহাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি