স্বাধীনতা দিৱসৰ দিনাও গান্ধীমণ্ডপত হেৰাল স্মাৰ্ট চিটিৰ বৃহৎ ৰাষ্ট্ৰীয় পতাকাখন

স্বাধীনতা দিৱসৰ দিনাও গান্ধীমণ্ডপত হেৰাল স্মাৰ্ট চিটিৰ বৃহৎ ৰাষ্ট্ৰীয় পতাকাখন

ডিজিটেল ডেস্কঃ পুনৰ অন্তৰ্ধান হ'ল গান্ধীমণ্ডপত থকা দেশৰ ভিতৰতে তৃতীয় সৰ্ব্বোচ্চ ৰাষ্ট্ৰীয় পতাকাখন। ২০১৮ বৰ্ষৰ ২ অক্টোবৰত এক ৰাজকীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তোলন কৰা পতাকাখন বৰ্তমানলৈকে প্ৰায় ১০বাৰকৈ ফটাৰ লগতে নোহোৱা হৈছে কেইবাবাৰো। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে উত্তোলন কৰা পতাকাখন মাত্ৰ এদিন থকাৰ পিচতে পুনৰ বৃহস্পতিবাৰে হেৰাইছে পূৰ্বৰ স্থানৰ পৰা।

১৯.৫ ফুট উচ্চতাত উৰি থকা পতাকাখনৰ নামত মাত্ৰ ধনৰ শৰাধহে পাতিছে স্মাৰ্ট চিটি কৰ্তৃপক্ষই। চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে মহানগৰ প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰে। দেশৰ পতাকাখন কেতিয়াবা যদি ফাটিছে আন কেতিয়াবা কোনো বিশেষ কাৰণ নোহোৱাকৈয়ে মূল্যহীন বস্ত্ৰৰ দৰে পূৰ্বৰ স্থানৰ পৰা আতৰাই ৰাখিছে সুৰক্ষাত নিয়োজিত লোকসকলৰ লগতে দায়িত্বপ্ৰাপ্ত লোকসকলে।

দেশৰ জাতীয় পতাকাখনক লৈ খোদ চৰকাৰৰে নাই কোনো দায়িত্ব। উত্তোলনৰ অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পতাকাখন চাবলৈকে বৰ্তমান পৰ্যটক অহাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল যদিও এতিয়া নাই সেই সক্ৰিয়তা। দেশৰ এটা প্ৰতীকক এনে জ্ঞান কৰা বিষয়টোক কোনো লোকে সহজভাৱে ল'ব পৰা নাই।

পতাকাখন উত্তোলন কৰি চৰকাৰে কৰা ভাল কাম বুলি বাহ বাহ লৈ উদাহৰণ দিবলৈ নাপাহৰা একাংশ মন্ত্ৰী-আমোলা এতিয়া ঘোৰ নিদ্ৰাত। নিজৰ কামৰ খতিয়ান দিবলৈ গৈও মুখ্যমন্ত্ৰীয়ে পতাকাখনৰ কথা কৈছিল যদিও এতিয়া এইখন পতাকাক লৈ কাণসাৰ নাই সেইজন মুখ্যমন্ত্ৰীৰে। উন্নয়নৰ ফটা ঢোল বজাই চৰকাৰৰ জয়গান গোৱাত ব্যস্ত থাকি বাজাজ ইলেকট্ৰনিকছ নামৰ প্ৰতিষ্ঠানটোৱে ধনৰ শৰাধহে কৰিছে এই কামত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in