সংখ্যালঘু ছাত্ৰ-ছাত্ৰী জলপানীৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সংবাদমেল…

সংখ্যালঘু ছাত্ৰ-ছাত্ৰী জলপানীৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ সংবাদমেল…

ডিজিটেল সংবাদ, বটদ্ৰৱা : দৰিদ্ৰ লোকসকলৰ বাবে আবণ্টিত হোৱা চৰকাৰী অভিলাষী আঁচনি বিশেষকৈ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আদি কেলেংকাৰীত একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ নাম সাঙোৰ খোৱাৰ পাছত আজি অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নগাঁও জিলা সন্থাই এখনি সংবাদমেলৰ আয়োজন কৰে।

গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ নগাঁও জিলা সন্থাই বটদ্ৰৱাৰ কৰৈগুৰী(জামতল)ত অনুষ্ঠিত কৰা সংবাদমেলত কয় যে, সমাজৰ একাংশ মধ্যভোগী দালালে অতি কৌশলেৰে গ্ৰাম্যাঞ্চলৰ দুখীয়া ৰাইজক প্ৰতাৰণা কৰি ধন আত্মসাৎ কৰি আহিছে । ইয়াৰ সমগ্ৰ দোষ গ্ৰাহক সেৱা কেন্দ্ৰলৈ ঠেলি দিছে । সন্থাই চৰকাৰ তথা প্ৰশাসনক সংখ্যালঘু ছাত্ৰ ছাত্ৰী জলপানীৰ ধনৰ কেলেংকাৰীৰ উচিত তদন্ত কৰি ইয়াৰ লগত জড়িত দোষীক চিনাক্ত কৰি উচিত শাস্তি প্রদান কৰিবলৈ দাবী জনাই। সংবাদমেলত আৰু কয় যে, গ্ৰমীন বিকাশ বেংকৰ গ্ৰাহক সকলে ধন জমা দিয়া আৰু ধন উলিওৱাৰ ক্ষেত্ৰত কেতিয়াওঁ কাকো অতিৰিক্ত ধন দিব নালাগে আৰু গ্ৰাহক সকলে বেংকৰ পাছবুকৰ তথ্য অন্য ব্যক্তিক নিদিবলৈ আহ্বান জনাই।

অসম গ্ৰামীণ বিকাশ বেংকৰ বেংক মিত্ৰ সন্থাৰ সভাপতি ছাইফুল ইছলাম, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য লক্ষী নাথ, জিলা কাৰ্য্যনিৰ্বাহক সদস্য বাহাৰুল ইছলাম, আঞ্জাৰ হুছেইনকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী উপস্থিত থকা সংবাদ মেলত ৰাইজক গ্ৰাহক সেৱা কেন্দ্ৰৰ প্ৰতি বিশ্বাস আৰু আস্থা বজাই ৰাখিবলৈ আহবান জনোৱাৰ লগতে বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰই অসমৰ গ্ৰাম্যাঞ্চলৰ ৰাইজৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in