গহপুৰৰ পুৰুপবাৰী চাহ বাগিচাত মালিক-সহপৰিচালকক আক্ৰমণ ক্ষুব্ধ শ্ৰমিকৰঃ VIDEO

গহপুৰৰ পুৰুপবাৰী চাহ বাগিচাত মালিক-সহপৰিচালকক আক্ৰমণ ক্ষুব্ধ শ্ৰমিকৰঃ VIDEO

ডিজিটেল সংবাদ, উত্তৰ অসমঃ গহপুৰৰ পুৰুপবাৰী চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক অশ্লীল ভাষাৰে গালি গালাজ পৰা, চাহ শ্ৰমিকৰ ৰেচন প্ৰাপ্যতকৈ কমকৈ প্ৰদান কৰা, চৰকাৰী সুবিধাৰ বঞ্চিত কৰাৰ অভিযোগত বুধবাৰে বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উত্তেজিত শ্ৰমিকে বাগান পৰিচালকৰ কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে প্ৰহাৰ কৰে স্বত্বাধিকাৰী প্ৰণয় চহৰীয়া আৰু সহকাৰী পৰিচালক সন্তোষ যাদৱক। উত্তেজিত শ্ৰমিকে আঘাটপ্ৰাপ্ত স্বত্বাধীকাৰ, সহকাৰী পৰিচালকক গৃহতে আবদ্ধ কৰি ৰাখি পৰিস্থিতি অধিক উত্তেজনাময় কৰি তোলে।

পূৱ গহপুৰ আঞ্চলিক আছাৰ উদ্যোগত সহস্ৰাধিক শ্ৰমিকে বাগান পৰিচালকৰ আবাসগৃহ ঘেৰাও কৰি থকাত মহকুমা আৰু আৰক্ষী প্ৰশাসনে প্ৰায় ঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত আহত দুজনক চিকিৎসালয়লৈ নিবলৈ সক্ষম হয়।

বাগানৰ স্বত্বাধিকাৰীয়ে শ্ৰমিকক লিখিত ভাবে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদানৰ দাবী স্বত্বাধিকাৰীয়ে মানি লৈছে বুলি জানিব পৰা গৈছে যদিও সমগ্ৰ চাহ বাগিচাখনত চেপা উত্তেজনা অব্যাহত আছে।

আইন শৃংখলাৰ যাতে অধিক অৱনতি নঘটে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি গহপুৰৰ মহকুমাধিপতি আৰু মহকুমা আৰক্ষী বিষয়াই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টাৰ ক্ৰটি কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in