গহপুৰৰ গুলীচালনাৰ ঘটনা, দুই অভিযুক্তক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

গহপুৰৰ গুলীচালনাৰ ঘটনা, দুই অভিযুক্তক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী যোগেন্দ্ৰ শ্বাহৰ গুলীচালনাৰ ঘটনাৰ লগত জড়িত ধৃত দুই মূল অভিযুক্তক গহপুৰ আৰক্ষীয়ে আজি গহপুৰ মহকুমা ন্যায়িক আদালতত হাজিৰ কৰে। আদালতে দুয়োকে পাঁচ দিনৰ বাবে গহপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ধৃত প্ৰশান্ত দলেৰ ঘৰ গহপুৰৰ পুৰুপবাৰী মিলন নগৰত আৰু ভোলা শৰ্মাৰ ঘৰ গহপুৰ নগৰৰ ৫ নং ৱাৰ্ডত।

উল্লেখ্য যে, শুক্ৰবাৰে নিশা দোকান বন্ধ কৰি যোগেন্দ্ৰ শ্বাহ নামৰ ব্যৱসায়ীজন ঘৰলৈ আহি থকা অৱস্থাত দুৰ্বৃত্তই নিচেই কাষৰপৰা প্ৰাঞ্জল নগৰত গুলীয়াই আহত কৰিছিল। এতিয়াও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ব্যৱসায়ীজন।

ইফালে, আৰক্ষীয়ে দুয়ো অভিযুক্তক মাৰাথান জেৰা অব্যাহত ৰাখিছে যদিও সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে পিষ্টলটো প্ৰশান্ত দলেৰ যদিও কোনজনে শ্বাহক গুলিয়াইছিল সেইটো স্পষ্ট হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in