শেহতীয়া খবৰ
শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...  •  লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

ৰাস্তা বেয়া হ’লে ঠিকাদাৰৰ গাৰ ওপৰেৰে চলাম বুলডজাৰঃ গাডকাৰী

335

ডিজিটেল ডেস্কঃ পুনৰ এবাৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শুকুৰবাৰে এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গাডকাৰীয়ে কয়- ‘যদি ৰাস্তা-ঘাট বেয়া হয়, তেন্তে সেয়া নিৰ্মাণ কৰা ঠিকাদাৰৰ গাৰ ওপৰেৰে মই বুলডজাৰ চলাম৷’ তেওঁ পুনৰ কয়, ‘বাট-পথ দেশৰ সম্পত্তি৷ ইয়াৰ নিৰ্মাণ বেয়া হ’লে কোনো ঠিকাদাৰকে ৰক্ষা দিয়া নহ’ব৷’

অনুষ্ঠানত গাডকাৰীয়ে কয়, ‘আমি দেশত ১০ লাখ কোটি টকাৰ বাট-পথ নিৰ্মাণৰ নিৰ্দেশ দিছো৷ বাট-ঘাট নিৰ্মাণত যাতে কোনো ধৰণৰ গাফিলতি নহয় নহয়, তাৰ বাবেও ঠিকাদাৰসকলক সতৰ্ক কৰি দিয়া হৈছে৷ ইয়াৰ পিছতো যদি কোনো ঠিকাদাৰে পথ নিৰ্মাণ ঠিক ধৰণেৰে নকৰে, তেন্তে তেওঁৰ গাৰ ওপৰেৰে বুলডজাৰ চলোৱাটোৱেই সঠিক হ’ব৷’

ইফালে গাডকাৰীৰ এই মন্তব্যৰ পিছতে বিভিন্নজনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সমালোচনাৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি