সকলো কামৰে এটা বিপৰীত প্ৰতিক্ৰিয়া থাকেঃ জি পি সিঙৰ টুইটে লাভ কৰিছে চৰ্চা…

সকলো কামৰে এটা বিপৰীত প্ৰতিক্ৰিয়া থাকেঃ জি পি সিঙৰ টুইটে লাভ কৰিছে চৰ্চা…

ডিজিটেল ডেস্কঃ পুৱাই ভাইৰেল হৈছিল এটা টুইট। নিশা ২ বাজি ২৯ মিনিটত কৰা সেই বিশেষ টুইটে বহন কৰিছিল এক বিশেষ ইংগিত। অসমৰ শেহতীয়া আইন, শৃংখলা জনিত বিষয় বোৰৰ খবৰ তেওঁ টুইটাৰৰ জৰিয়তেই ৰাজহুৱা কৰে।

নিশাই কৰা সেই টুইট আছিল- "প্ৰতিটো কাৰ্য বা কামৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে।- নিউটনৰ তৃতীয় সূত্ৰ।' ইয়াৰ পিছতে প্ৰকাশ হৈছিল সেই বিশেষ খবৰ। অনিমেষ বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা ল'ৰাৰ মৃত্যু হৈছে।

যোৰহাটৰ ৰাজপথত দলবদ্ধ আক্ৰমণ কৰি অনিমেষ ভূঞাক হত্যা কৰাৰ মূল অভিযুক্ত আছিল নীৰজ। নীৰজৰ পিতৃ মদাহী বৰ্তাক সহায় কৰিবলৈ গৈছিল অনিমেষ আৰু তেওঁৰ দুই সতীৰ্থ। সেইয়াই আছিল তেওঁলোকৰ অপৰাধ। স্কুটিৰ পৰা পৰি যোৱা এজন পিতৃসম ব্যক্তিক সহায় কৰাৰ অপৰাধত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল অনিমেষক।

ইয়াৰ পিছতে ভাইৰেল হৈ পৰা সেই দলবদ্ধ আক্ৰমণৰ ঘটনাৰ দৃশ্যত প্ৰমাণ হৈছিল এই ঘটনা নীৰজৰ নেতৃত্বতে হৈছিল। লগে লগে সমগ্ৰ অসমৰ জনতাই দাবী কৰিছিল নীৰজৰ লগতে এই ঘটনাত জড়িত সকলোকে উচিত শাস্তি প্ৰদান কৰক।

ঘটনাৰ পিছতে যোৰহাট আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে তদন্ত চলাই প্ৰথমে ১৩ জনক আৰু ইয়াৰ পিছত মূল অভিযুক্ত ক'লা ল'ৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে পোহৰলৈ আহিছিল নীৰজৰ ক'লা অধ্যায়। পূৰ্বেও বহু অপৰাধৰ লগত জড়িত আছিল নীৰজ। ড্ৰাগছৰ লগতো আছিল সম্পৰ্ক।

মঙ্গলবাৰে আৰক্ষীয়ে আটাইকেইজন অভিযুক্তকে আদালতত হাজিৰ কৰিছিল যদিও নীৰজক হাজিৰ কৰোৱা হোৱা নাছিল। ১৩ জন অভিযুক্তৰ ৭ জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ লগতে ৬ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

ইয়াৰ পিছতে নিশা নীৰজক লগত লৈ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে অনিমেষ হত্যা কাণ্ডৰ লগত জড়িত আন অভিযুক্তৰ বিচাৰি অভিযান চলাবলৈ গৈছিল। এই অভিযানৰ বাবে যোৱাৰ সময়তে চিনামৰাৰ খৰীয়া চুকত আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়তে আন এখন আৰক্ষীৰ বাহনৰ খুন্দা মাৰে।

ইয়াৰ পিছতে জে এম চি এইছত মৃত্যু হয় নীৰজৰ। পুৱাই এই খবৰ প্ৰকাশ হোৱাৰ লগে লগে সমগ্ৰ যোৰহাট বাসীৰ লগতে অসমৰ জনতাই সন্তুষ্টি প্ৰকাশ কৰিছে। বহুতেই আৰক্ষীয়ে নীৰজক উচিত শাস্তি দিলে বুলি কৈ ধন্যবাদো জনাইছে। সেয়া যিয়েই নহওক, নিশা জি পি সিঙে যি ধৰণে টুইট কৰিলে সেই টুইট এতিয়া সকলোৰে চৰ্চাৰ কাৰণ হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in