ভাৰত ভ্ৰমণলৈ আহি কি কি কৰিব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে পত্নীসহ ভাৰতত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভাৰতভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক, বাণিজ্যিক, প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন সম্ভাৱনা প্ৰকট কৰি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণক লৈ দেশত যি উৎসাহ দেখিবলৈ পোৱা গৈছে সেইদৰে উৎসাহিত হৈ আছে ট্ৰাম্পো।

আহমেদাবাদত প্ৰায় ১০ মিলিয়ন লোকে ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাব বুলি আশা ব্যক্ত কৰিছে। আনকি ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে নিজকে "বাহুবলী"ৰ ৰূপত নিজকে সজাই টুইটো কৰিছে। ২ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিবলগীয়া মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ২৪ ফেব্ৰুৱাৰীৰ নিশাটো কটাব দিল্লীৰ আইটিচি মৌৰ্য হোটেলৰ প্ৰাসাদোপম ছ্যুটত। ট্ৰাম্পক এক মহাৰজাৰ দৰে অভ্যৰ্থনা কৰা হ'ব।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দুদিনীয়া ভ্ৰমণসূচীৰ কাৰ্যসূচী সমূহৰ মাজত আছে বিশ্বৰ সপ্তম আশ্বৰ্যখ্যাত প্ৰেমৰ প্ৰতীক তাজমহল পৰিদৰ্শনো। গুজৰাটৰ সবৰমতি আশ্ৰমলৈও যাব ৰাষ্ট্ৰপতিগৰাকী। তাৰ মাজতে আছে মেলানীয়া ট্ৰাম্পৰ দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদৰ্শন কাৰ্যসূচী। ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰতভ্ৰমণৰ কাৰ্যসূচী এনেধৰণৰঃ

২৪ ফেব্ৰুৱাৰী, ২০২০, সোমবাৰঃ

পুৱা ১১. ৪০ বজাতঃ আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

দিনৰ ১২.১৫ বজাতঃ আহমেদাবাৰ সবৰমতি আশ্ৰমত উপস্থিত হ'বগৈ ট্ৰাম্প।

দিনৰ ১.০৫ বজাতঃ মোটেৰা ষ্টেডিয়ামত আৰম্ভ হ'ব নমস্তে ট্ৰাম্প শীৰ্ষক অনুষ্ঠান।

বিয়লি ৩.৩০ বজাতঃ আগ্ৰা অভিমুখে ৰাওনা হ'ব ট্ৰাম্পৰ বিমান।

বিয়লি ৪.৪৫ বজাতঃ আগ্ৰাত উপস্থিত হ'বগৈ ডোনাল্ড ট্ৰাম্প।

সন্ধিয়া ৫.১৫ বজাতঃ তাজমহলৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰিব ট্ৰাম্প আৰু পত্নী মেলানীয়া ট্ৰাম্পে।

সন্ধিয়া ৬.৪৫ বজাতঃ আগ্ৰাৰ পৰা দিল্লী অভিমুখে ৰাওনা হ'ব ডোনাল্ড ট্ৰাম্প।

সন্ধিয়া ৭.৩০ বজাতঃ দিল্লীত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

২৫ ফেব্ৰুৱাৰী, ২০২০, মঙলবাৰঃ

পুৱা ১০.০০ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে আদৰণি জনাব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক।

পুৱা ১০.৩০ বজাতঃ ৰাজঘাটৰ মহাত্মা গান্ধীৰ সমাধিত মাল্যাৰ্পণ কৰিব ট্ৰাম্পে।

পুৱা ১১.০০ বজাতঃ দিল্লীস্থ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ'ব ট্ৰাম্প।

পুৱা ১২.৪০ বজাতঃ হায়দৰাবাদ হাউচত চুক্তি হস্তান্তৰ, যুটীয়া বিবৃতি।

সন্ধিয়া ৭.৩০ বজাতঃ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ।

নিশা ১০.০০ বজাতঃ মাৰ্কিন যুক্তৰাষ্ট্ৰ অভিমুখে যাত্ৰা কৰিব ট্ৰাম্প আৰু পত্নীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in