FULL EPISODE- বি টি এ ডিত UPPL- বিপিএফৰ চৰকাৰ হ’ব লাগিছিলঃ কিয় ক’লে ট্ৰাইবেল সংঘৰ নেতাই…

FULL EPISODE- বি টি এ ডিত UPPL- বিপিএফৰ চৰকাৰ হ’ব লাগিছিলঃ কিয় ক’লে  ট্ৰাইবেল সংঘৰ নেতাই…

ডিজিটেল ডেস্কঃ বড়োভূমিক সুকীয়া ৰাজ্যৰ মৰ্যদাৰ দাবীৰে চলা গণতান্ত্ৰিক আন্দোলনৰ সমান্তৰালভাৱে সাৰ্বভৌম বড়োলেণ্ডৰ দাবীৰে তিনি দশকৰো অধিককাল গণতান্ত্ৰিক আৰু সশস্ত্ৰ সংগ্ৰাম সমানে চলিছিল। ক্ৰমাৎ তীব্ৰতৰ হৈ উঠা এই সংগ্ৰামে ৰক্তাক্ত কৰি তুলিছিল বড়োভূমিক। ভাতৃঘাটি সংঘৰ্ষ, গোষ্ঠীগত সংঘাত আদিয়ে অস্থিৰ কৰি ৰখা অঞ্চলটোত বিটিচি চুক্তিৰ জৰিয়তে শান্তি স্থাপনৰ যি চেষ্টা চলোৱা হৈছিল তাক পূৰ্ণাংগ ৰূপ দিবলৈকে শেহতীয়াকৈ বিটিআৰ চুক্তি সম্পাদিত হ'ল।

এয়া আশাব্যঞ্জক আছিল যদিও শেহতীয়া নিৰ্বাচনত বি পি এফ দলে ১৭খন আসন লাভেৰে বৃহৎ দলৰূপে পৰিগণিত হোৱাৰ পিছতো বিটিআৰ চুক্তি সম্পাদনকাৰী শাসকদলে মিত্ৰতাৰ জৰিয়তে বি টি এ ডিৰ ক্ষমতা দখল কৰিলে। পূৰ্বৰে পৰা মিত্ৰতাত থাকিও বি টি এ ডিত ক্ষমতাৰ অংশীদাৰ হোৱাৰ পৰা বাহিৰত থাকি যাব লগা হল ১৭খনকৈ আসন দখল কৰা বি পি এফ। যি ফলাফলে বি পি এফৰ সমৰ্থকৰ বৃহৎ শক্তি এটা যে বৰ্তমানৰ চৰকাৰৰ বিপৰীত স্থানত অৱস্থান কৰিব তাৰ সম্ভাৱনা বহন কৰে।

কেন্দ্ৰ বা ৰাজ্য চৰকাৰে অঞ্চলটোত স্থায়ী শান্তি নিশ্চিত কৰাৰ বাবে যিটো সুযোগ গ্ৰহণ কৰিব লাগিছিল সেয়া হ'ল- বি পি এফ আৰু ইউ পি পি এলক বড়োভূমিৰ শাসন ক্ষমতা গতাই দিয়াতো। যিকাৰনতেই নহওঁক সেয়া হৈ নুঠিল। যাৰ ফলত পুনৰ অস্থিৰতা সৃষ্টিৰ আশংকা ৰাইজৰ মাজত থাকি গল। এনে হব নালাগিছিল। এই মন্তব্য ট্ৰাইবেল সংঘক তিনি দশক ধৰি নেতৃত্ব দিয়া বলিষ্ঠ নেতা আদিত্য খাখলাৰীৰ।

অৱশ্যে ৰাজনীতিত এনেবোৰ ঘটনাই প্ৰাসংগিক হৈ পৰে বাবে এদিন কংগ্ৰেছলৈ গৈয়ো অৰাজনৈতিক মঞ্চখনলৈ উভতি অহা বুলি মন্তব্য কৰি তেওঁ কয়,- এসময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াইও প্ৰলোভন আৰু প্ৰৱঞ্চনাৰ জালত ভৰি থৈ ইউ পি এফৰ পৰা আতৰি গৈ চৰকাৰৰে চামিল হৈছিল। একেদৰেই ডা০ ৰনোজ পেগুৰ দৰে বিচক্ষণ জনজাতীয় নেতাইও অগ্ৰাসী ৰাজনীতিৰ জালত বন্দী হৈ ৰাজ্যৰ দ্বিতীয় বৃহৎ জনজাতীয় লোকসকলৰ আৱেগ তথা স্বকীয়তাক বিসৰ্জন দিয়াৰ দৰে দূভাৰ্গ্যজনক ঘটনা ঘটিছিল।

আড্ডাৰ সম্পূৰ্ণ ভিডিঅ চাব পাৰিব তলৰ লিংকত…

https://fb.watch/2ZqvUrl8zt/

পাৰ্বত্য ভূমিৰ স্বায়ত্ত শাসিত ৰাজ্য দাবী সমিতি তথা প্ৰচণ্ড সম্ভাৱনাপূৰ্ণ নেতা ডা০ জয়ন্ত ৰংপি, হলিৰাম তেৰাং আদি লাহে লাহে অপ্ৰাসংগিক হৈ পৰা প্ৰসংগ উত্থাপন কৰি তিৱা স্বায়ত্ত শাসিত আন্দোলনৰ পৰিণতিও অতিকে মৰ্মান্তিক বুলি অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ "আড্ডা"ত আক্ষেপ প্ৰকাশ কৰিলে আদিত্য খাখলাৰীয়ে। জনজাতিসকলৰ ভূমিস্বত্ব আৰু ৰাজনৈতিক অধিকাৰৰ বাবে দীঘলীয়া সংগ্ৰামত জড়িত হৈ থকা সংগ্ৰামী নেতাগৰাকীয়ে লাইকা-দধিয়া তথা ডিব্ৰু চৌখোৱাবাসীয়ে মুকলি আকাশৰ তলত ভোগালীৰ উৰুকা পাৰ কৰিবলগীয়া হোৱাৰ বাবেও আক্ষেপ প্ৰকাশ কৰে।

জনজাতীয়সকলক প্ৰদান কৰা স্বায়ত্ত শাসন আৰু ইয়াৰ প্ৰকৃত ৰূপায়নৰ বেদনাদায়ক ছবিখনৰ বৰ্ণনা দাঙি ধৰি ট্ৰাইবেল সংঘই কিয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অথবা সামগ্ৰিকভাৱে অসমক জনজাতীয় ৰাজ্যৰ মৰ্যদা প্ৰদানৰ কিয় বিৰোধিতা কৰে, তাৰ সপক্ষেও দাঙি ধৰে যুক্তি। জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে এঘন্টীয়া আড্ডাত ট্ৰাইবেল সংঘক তিনি দশক ধৰি নেতৃত্ব দিয়া বলিষ্ঠ নেতা আদিত্য খাখলাৰীয়ে আৰু কি কি বিস্ফোৰণ ঘটালে চাওঁক ফেচবুক, ইউটিউব লিংকত।

আড্ডাৰ সম্পূৰ্ণ ভিডিঅ চাবলৈ তলৰ লিংকত ক্লিক কৰক

https://youtu.be/ri0tIgd20P0

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in