FULL EPISODE- ২০১৬ত বিজেপি নহয় কংগ্ৰেছৰ লগতহে মিত্ৰতা কৰাৰ কথা আছিল অগপৰ…

FULL EPISODE-  ২০১৬ত বিজেপি নহয় কংগ্ৰেছৰ লগতহে মিত্ৰতা কৰাৰ কথা আছিল অগপৰ…

ডিজিটেল ডেস্কঃ নিৰ্বাচনী বতাহ ভালকৈয়ে বলিছে অসমত। শাসকীয় বিজেপি দলে বিশাল সমাৱেশ, হিতাধিকাৰী সমাৰোহ আদি অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। কংগ্ৰেছেও তৃণমূল পৰ্যায়ত দলটোৰ ভেটিঁ সুদৃঢ় কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।

তেনে ব্যস্ততাৰ মাজতেই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ আড্ডাৰ অতিথি হলহি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰা। জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ সৈতে হোৱা এই আড্ডাত অংশ লৈ ভূপেন বৰাই সাম্প্ৰতিক ৰাজনীতিৰ বহুদিশ অৱলোকন কৰিলে।

আড্ডাৰ সম্পূৰ্ণ লিংক চাব পাৰিব এই ফেচবুক লিংকত

https://fb.watch/3Cjjoo5BXs/

আড্ডাত প্ৰাক্তন গৃহ বিভাগৰ সংসদীয় সচিবগৰাকীয়ে স্বীকাৰ কৰিলে ২০১৬চনত কংগ্ৰেছ আৰু অগপৰে মিত্ৰতা হোৱাৰ কথা আছিল। আসনৰ ভাগ-বতৰাক লৈ হোৱা মতানৈক্য আৰু অগপ নেতৃত্বই কৰা কিছু দৰ-দামৰ বাবে এই মিত্ৰতা সম্ভৱ নহল।

প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে অগপ-কংগ্ৰেছৰ ২০১৬চনৰ মিত্ৰতা সম্পৰ্কীয় আলোচনাৰ সন্দৰ্ভত এইদৰে ৰাজহুৱা মন্তব্য কৰিলে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই। ইয়াৰ উপৰিও সাম্প্ৰদায়িক মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰসংগ ক্ৰমে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা বৰাই কয় যে, কংগ্ৰেছত থকা সময়ত হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাষতে বহি মোডীৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বয় বুলি মন্তব্য কৰিছিল।

এই কথা উল্লেখ কৰি বৰাই কয়, তেজপুৰত মোৰ সভাতে হিমন্ত বিশ্ব শৰ্মাই এই ভাষণ দিছিল। মই তেওঁক তেতিয়া অলপ বেছি কলা নেকি বুলি কওতে তেওঁ কৈছিল, -প্ৰকাশ ভংগীত বেছি হব পাৰে, কিন্তু কথাটো সচাঁ।

মহাজোঁটৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ কথা কলে ভূপেন বৰাই। আঞ্চলিক দলবোৰক বাদ দি এইসময়ৰ লৈকে যিবোৰ দলৰ সৈতে মহাজোঁট গঠন হৈছে, তেওঁলোকক খুউববেছি ২৮খন মান আসনহে এৰি দিব পাৰি বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইফালে সৰ্বানন্দ সোণোৱাল চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ভূপেন বৰাই। তেওঁ কয়- জাতি মাটি ভেটি ৰক্ষা কৰাৰ উপৰিও অসমৰ ৰাইজক বহু প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সোণোৱাল। ৰাইজক চূড়ান্ত বিশ্বাসঘাটক কৰা বুলি উল্লেখ কৰি জাতীয় নায়ক সন্মান দিয়া আছুৱেই তেওঁক খলনায়ক আখ্যা দিলে।

হিতাধিকাৰী সৃষ্টিৰে এই চৰকাৰে ক্ষমতা হাতত ৰাখিব নোৱাৰে বুলি দোহাৰে তেওঁ। নদীবান্ধৰ প্ৰসংগতো তেওঁ জনালে যে, ৰাহুল গান্ধীৰ ওচৰত তেওঁ নদীবান্ধৰ বিৰোধিতা কৰিছিল। ধৰ্মীয় মেৰুকৰণ কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি এতিয়া কেনেকৈ AIUDFৰ সৈতে মিত্ৰতা কৰিছে বুলি প্ৰশ্ন কৰা হৈছিল তেওঁক।

কেৱল ক্ষমতা দখলৰ লক্ষ্যৰে নহয়, বিজেপিক উৎখাত কৰিবলৈ এইবাৰ নিৰ্বাচনত নামিব কংগ্ৰেছ।আগন্তুক নিৰ্বাচনত তৰুণ গগৈৰ অনুপস্থিতিৰ প্ৰভাৱ কেনেদৰে পৰিব সেই সন্দৰ্ভতো তেওঁ ব্যাখ্যা আগবঢ়ায়।

কংগ্ৰেছৰ এইবাৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী কোন, ৰাইজে কিয় কংগ্ৰেছক ভোট দিব আদি বিষয়বোৰো আলোচনা হয় এই আড্ডাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো সমালোচনা কৰা ভূপেন বৰাই কয়, তেওঁলোকে ডিজিটেল ইণ্ডিয়াৰ কথা কয়, ইলেকশ্যন কেন্দ্ৰিক ৰাজনীতি কৰিছে, নিবনুৱা সমস্যাৰ সমাধান নহল।

বাকপটু এই নেতাগৰাকীয়ে আড্ডাৰ প্ৰতিটো প্ৰশ্ন উত্তৰ দি গল। দলৰ মাজত থকা অন্তকন্দল, গৌতম ৰয়, অজন্তা নেওঁগৰ নেতাক বিজেপিয়ে আদৰি লোৱা সন্দৰ্ভতো মন্তব্য কৰিলে ভূপেন বৰাই। কেইবাটাও স্বায়ত্ শাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হোৱাৰ কাৰন, হিতাধিকাৰী সৃষ্টি কৰা চৰকাৰে ৮৫হাজাৰ কোটি টকা ধাৰত পোত গৈ আছে বুলি আঙুলিয়াই দিয়ে এই আড্ডাত।

আড্ডাৰ সম্পূৰ্ণ লিংক চাব পাৰিব তলৰ ইউটিউব লিংকত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in