শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিলে নিজকে মাৰি পেলোৱাৰ ভাবুকি পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ

886

ডিজিটেল ডেস্কঃ পিএনবি কোটিটকীয়া কেলেংকাৰীৰে জড়িত পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ জামিন আবেদন পুনৰ এবাৰ খাৰিজ কৰিছে ব্ৰিটেইনৰ আদালতে। ৱেণ্ডছৱৰ্থ কাৰাগাৰত বন্দী জীৱন কটাই থকা নীৰৱ মোডীয়ে ৪০ লাখ পাউণ্ড জৰিবহনা ভৰাৰ লগতে তেওঁক কাৰাগাৰৰ পৰিৱৰ্তে নজৰবন্দীত ৰখাৰ বাবে আদালতত আবেদন জনাইছিল। কিন্তু ৱেষ্টমিনিষ্টাৰ মেজিষ্ট্ৰেটৰ আদালতত ন্যায়াধীশ এম্মা অৱৰ্থনাটে নীৰৱ মোডীৰ আবেদন খাৰিজ কৰে।

ইফালে নীৰৱ মোডীক ভাৰত প্ৰতাৰ্পন সন্দৰ্ভত গ্ৰহণ কৰা শুনানিকালত পলাতক হীৰা ব্যৱসায়ীজনে আদালতক জনায় যে যদি তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয়, তেন্তে তেওঁ নিজকে হত্যা কৰি পেলাব। উল্লেখ্য যে, আদালতত নীলা চুৱেটাৰ পিন্ধি উপস্থিত হোৱা নীৰৱ মোডীক পূৰ্বৰ তুলনাত অধিক সুস্থ দেখা যায়। আদালতৰ শুনানিৰ অন্তত তেওঁক পুনৰ ৱেণ্ডছৱৰ্থ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইফালে ৪ ডিচেম্বৰত হ’বলগীয়া পৰৱৰ্তী শুনানিত কাৰাগাৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সৰ যোগে আদালতৰ সন্মুখীন হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি