স্বদেশী শ্ল’গানেৰে ৰামলীলা ময়দানৰ পৰা নিউয়ৰ্ক টাইমছলৈ…

স্বদেশী শ্ল’গানেৰে ৰামলীলা ময়দানৰ পৰা নিউয়ৰ্ক টাইমছলৈ…

ডিজিটেল ডেস্কঃ সন্যাস আৰু ৰাজনীতি। এটা আনটোৰ সম্পূৰ্ণ বিপৰীত হ'লেও দুয়োকে একাকাৰ কৰি এতিয়া সমগ্ৰ বিশ্ববাসীকে স্তম্ভিত কৰি তুলিছে এজন ভাৰতীয়ই।

৯০ দশকৰ কথা। তেতিয়াৰ দৰং তথা বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন ভিতৰুৱা ঠাইলৈ আগমন ঘটিছিল এই বিশেষ ভাৰতীয়জনৰ। সন্যাসী সদৃশ দাড়িৰে মুখমণ্ডল আৱৰি থকা লোকজনৰ পিন্ধনত আছিল গেৰুৱা বস্ত্ৰ। বান্দৰগুৰি নামৰ ভিতৰুৱা এই ঠাইখনত ভৰি থোৱা এই ব্যক্তিজনক লৈ তেতিয়া স্থানীয় লোকসকলৰ মাজত বিশেষ উৎসাহ নাছিল৷

কিন্তু যেতিয়াই তেওঁ যোগাভ্যাসৰ কথা কৈছিল, তেতিয়াই গাঁওবাসী একত্ৰিত হৈছিল আৰু তেওঁৰ পৰা শিকিবলৈ আৰম্ভ কৰিছিল যোগ। কেৱল ওদালগুৰিৰ বান্দৰগুৰিয়েই নহয়, এনেদৰেই সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত কেইজনমান বিশ্বস্ত সংগীৰ সৈতে গাঁৱে-গাঁৱে ঘূৰি ফুৰিছিল এইগৰাকী সাধু। সেয়া আছিল অকথিত আৰু অলিখিত সংগ্ৰাম। কিন্তু তেনে সংগ্ৰামৰ মাজতেই যে প্ৰচুৰ সম্ভাৱনা লুকাই আছিল সেয়া হয়তো তেওঁ নিজেও কল্পনা কৰিব পৰা নাছিল।

তেওঁ কেৱল যোগৰ প্ৰচাৰৰ বাবে দেশৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছিল। মানুহক সামান্য দান-দক্ষিণাৰ বিনিময়ত বিলাই দিছিল যোগৰ জ্ঞান। দিন যিমানেই আগবাঢ়িছিল সিমানেই মানুহৰ মাজলৈ সোমাই গৈছিল তেওঁ। এনেকৈয়ে তেওঁ বুজি উঠিছিল মানুহৰ মনৰ ভিতৰৰ মনটোক। মানুহক বুজিবলৈ সমৰ্থ হোৱাৰ পিছতেই আৰম্ভ হৈছিল বিশেষ লোকজনৰ অন্য এক যাত্ৰা।

যোগৰ বাবে সমগ্ৰ দেশ অনাই-বনাই ঘূৰি-ফুৰা লোকজনক এদিন দেশবাসীয়ে প্ৰত্যক্ষ কৰিছিল টিভিৰ স্ক্ৰীণত। লগে লগে দেশবাসীৰ মাজত বিশেষভাৱে পৰিচিত হৈ পৰিছিল বিশেষ এই ব্যক্তিজন। গাঁৱে গাঁৱে ঘূৰি যোগৰ জ্ঞান দি ঘূৰি ফুৰা মানুহজন তেতিয়া আৰু আগৰ দৰে হৈ থকা নাছিল। তেওঁ পৰিছিল বাবা ৰামদেৱ।

মানুহৰ মাজৰ পৰা টিভিৰ স্ক্ৰীণলৈ উঠি অহা বাবা ৰামদেৱে আয়ত্ব কৰি পেলাইছিল মানুহক সন্মোহন কৰিব পৰা কৌশল। গাঁৱে গাঁৱে মানুহৰ মাজত ঘূৰি ফুৰা বাবেই মানুহে কি বিচাৰে সেয়াও ভালকৈ জানিছিল তেওঁ। শেষত এই সকলোবোৰৰ লগতে যোগৰ জৰিয়তে লাভ কৰা নিজৰ জনপ্ৰিয়তাক মূলধন কৰি লৈ তেওঁ ভৰি থৈছিল আন এখন জগতত।এইখন জগত এতিয়া সমগ্ৰ দেশৰ বাবে তেনেই চিনাকি-যাৰ নাম পতঞ্জলি।

স্বদেশ প্ৰেম আৰু প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদ তথা যোগেই এই মুহূৰ্তত ৰামদেৱৰ পতঞ্জলিৰ মূল। ইয়াৰ সৈতে সন্মোহনী শক্তিৰে ৰাজনীতিক একাকাৰ কৰি পতঞ্জলিক অধিকাংশ ভাৰতীয়ৰ মাজলৈ লৈ যোৱাত সফলতা অৰ্জন কৰিছে ৰামদেৱে। কেৱল ইমানেই নহয়, কিং মেকাৰৰ ভূমিকাতো অৱতীৰ্ণ হৈছে ৰামদেৱ। নিজৰ জনপ্ৰিয়তা আৰু সন্মোহনী শক্তিৰে ২০১৪ চনৰ নিৰ্বাচনত বৰ্তমানৰ শাসনাধিষ্ঠিত দলটোৰ হৈ আওপকীয়াকৈ প্ৰচাৰ চলাই সফলতা অৰ্জন কৰা বাবা ৰামদেৱ এতিয়া ৰাজনীতিৰ পথাৰখনতো এজন অন্যতম শক্তিশালী ব্যক্তি হিচাপে পৰিচিত হৈ পৰিছে।

ৰামলীলা ময়দানৰ পৰা এদিন ছেলোৱাৰ-কামিজ পিন্ধি পলায়ন কৰা ৰামদেৱ এতিয়া আৰু আগৰ দৰে হৈ থকা নাই। সম্প্ৰতি তেওঁ হৈ পৰিছে ভাৰতীয় ৰাজনীতি তথা ব্যৱসায়িক ক্ষেত্ৰখনৰ এজন প্ৰভাৱশালী ব্যক্তি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিজৰ ঘনিষ্ঠ বন্ধু আখ্যা দিয়া বাবা ৰামদেৱৰ ব্যৱসায়িক প্ৰতিষ্ঠান পতঞ্জলিয়ে শেহতীয়াকৈ বহুজাতিক প্ৰতিষ্ঠানসমূহকো তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হৈছে। লগতে সমগ্ৰ বিশ্বতে যোগাভ্যাসকো জনপ্ৰিয় কৰি তোলাত ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিছে বাবা ৰামদেৱে। শাসনভাৰ লৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগক আন্তৰ্জাতিক স্বীকৃতি প্ৰদানেৰে বিশ্ব যোগ দিৱস আয়োজন কৰিবলৈ সমৰ্থ হোৱাটোৱে ৰামদেৱৰ সৈতে তেওঁৰ বন্ধুত্ব কিমান সেয়া প্ৰমাণ কৰে বুলিও বিভিন্ন সংবাদ মাধ্যমত চৰ্চা হোৱা দেখা গৈছে।

শেহতীয়াকৈ পুনৰ অসমক লৈ চৰ্চালৈ আহিছে নিজৰ সন্মোহনী শক্তিৰে সফলতাৰ শিখৰত আৰোহণ কৰা বাবা ৰামদেৱ। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী ইতিমধ্যে বাবা ৰামদেৱৰ পতঞ্জলিয়ে বি টি এ ডিত নিজৰ প্লাণ্ট আৰম্ভ কৰিছে। আনহাতে শোণিতপুৰ জিলাত এলিফেণ্ট কৰিড'ৰত চৰকাৰৰ তৰফৰ পৰা যোগগুৰুজনৰ প্ৰতিষ্ঠান পতঞ্জলিলৈ ১৫৫ একৰ ভূমি আগবঢ়োৱা হৈছে। এলিফেণ্ট কৰিড'ৰত এনেকৈ পতঞ্জলিক ভূমি আৱণ্টন দিয়া বিষয়টোক লৈ বিতৰ্ক মাৰ নৌযাওতেই নিউয়ৰ্ক টাইমছত প্ৰকাশিত এক প্ৰতিবেদনে সৃষ্টি কৰিছে আন এক বিতৰ্কৰ।

নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অসমীয়া লোকসকলৰ একাধিক বদ-স্বভাৱ আছে বুলি যোগগুৰুজনৰ প্ৰতিষ্ঠানটোৰ এজন বিষয়াই মন্তব্য কৰাৰ পিছতে সৃষ্টি হয় এই বিতৰ্কৰ। অসম আৰু অসমীয়াক লৈ ৰামদেৱৰ প্ৰতিষ্ঠানটোৰ এজন উচ্চ পদস্থ বিষয়াই কৰা এনে মন্তব্যকলৈ এতিয়া সমগ্ৰ ৰাজ্যখনতে সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ অসমীয়াসকলক মূল্যাবোধৰ বিষয়ে বহু কথাই শিকাবলগীয়া আছে বুলি কৰা মন্তব্যই ৰাজ্যখনৰ অধিকাংশ লোককে ক্ষুব্ধ হৈ পৰা দেখা গৈছে।

ইয়াৰ মাজতো স্বদেশী শ্লগানেৰে ক্ৰমাৎ নিজৰ লগতে পতঞ্জলিৰো জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যোগগুৰুজনে। অৱশ্যে অনাগত দিনসমূহতো খাঁটি মৌ, খাঁটি সৰিয়হৰ তেলৰ পৰা আৰম্ভ কৰি ছিম কাৰ্ডলৈকে নিজৰ ব্যৱসায়িক সাম্ৰাজ্যত সামৰি লোৱা যোগগুৰুজনে সন্যাস আৰু ৰাজনীতিক একাকাৰ কৰি কিদৰে নিজৰ ব্ৰেণ্ডনেমৰ মৰ্যাদা অটুত ৰাখিব পাৰে সেয়া লক্ষণীয় হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in