এতিয়াৰে পৰা গাড়ী বিক্ৰী কৰিলে ডিলাৰে দিব লাগিব এটাকৈ গছপুলি, কামৰূপ জিলা পৰিবহন বিভাগৰ অভিনৱ পদক্ষেপ

এতিয়াৰে পৰা গাড়ী বিক্ৰী কৰিলে ডিলাৰে দিব লাগিব এটাকৈ গছপুলি, কামৰূপ জিলা পৰিবহন বিভাগৰ অভিনৱ পদক্ষেপ

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটীঃ কামৰূপ জিলা পৰিবহন বিভাগে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। এতিয়াৰে পৰা জিলাখনৰ প্ৰতিটো গাড়ী ডিলাৰে বাহন বিক্ৰী কৰাৰ সময়ত গ্ৰাহকক এটাকৈ গছপুলি প্ৰদান কৰিব লাগিব। বুধবাৰে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই পদক্ষেপৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে উপায়ুক্ত কমল কুমাৰ বৈশ্যই।

জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত শুভাৰম্ভ কৰা গছপুলি প্ৰদানৰ মূল উদ্দেশ্য হৈছে প্ৰতি গৰাকী লোকক বৃক্ষৰোপন আৰু লালন পালন কৰাৰ প্ৰতি সজাগ কৰা। বিভাগটোৰ লগতে পৰিবহন বিষয়াজনৰ এই কাৰ্যক সকলো লোকে একেমুখে প্ৰশংসা কৰা দেখা গৈছে।

আনুষ্ঠানিক গছপুলি প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰি উপায়ুক্ত কমল কুমাৰ বৈশ্যই ডিলাৰৰ লোকসকল ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থাকে বাবে তেওঁ গছপুলি ৰোপনৰ প্ৰতি গ্ৰাহক সকলক সজাগ কৰিবলৈ আহ্বান জনাই। ইফালে এই কাৰ্যৰ দ্বাৰা গছপুলি ৰোপনৰ ক্ষেত্ৰত কিছু পৰিমাণে হলেও ৰাইজ সজাগ হ'ব বুলি মন্তব্য কৰিছে জিলা পৰিবহন বিষয়া গৌতম দাসে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in