সংসদ ভৱনত দুই বান্ধৱীৰ দপদপনি…

সংসদ ভৱনত দুই বান্ধৱীৰ দপদপনি…

ডিজিটেল ডেস্কঃ দুই মোহময়ী সাংসদৰ যুটী। তৃণমূল কংগ্ৰেছৰ পৰা সুন্দৰী নেত্ৰী দুগৰাকীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনত এগৰাকীয়ে পশ্চিমবংগৰ বচিৰহাট সমষ্টিৰ পৰা আৰু আনগৰাকীয়ে যাদৱপুৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে। সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পূৰ্বে দুয়োগৰাকীয়েই আছিল অভিনেত্ৰী। কেইবাখনো বঙালী ছবিত তেওঁলোকে অভিনয় কৰিছে। ৰূপ আৰু অভিনয়ৰ প্ৰতিভাই দুয়োগৰাকীকে দিছে অভূতপূৰ্ব জনপ্ৰিয়তা।

ৰাজনীতিত প্ৰৱেশ কৰিও সফল হৈছে দুয়ো। সদনৰ মজিয়াত নাৰী সৱলীকৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সদম্ভে দিব পাৰিছে ভাষণ। নিজৰ নিজৰ সমষ্টিৰ প্ৰতি একনিষ্ঠ হৈ সেৱা আগবঢ়াই কম সময়ৰ ভিতৰতে একোগৰাকী দক্ষ সাংসদ ৰূপেও পৰিচিতি লাভ কৰিছে দুয়োগৰাকীয়ে। গুৰুত্বপূৰ্ণ বিষয় যে এই দুই সাংসদ তথা অভিনেত্ৰীয়েই প্ৰায় একে সময়তে প্ৰৱেশ কৰিছিল ৰাজনীতিত। দুয়ো নলেগলে লগা বান্ধৱী।

নুছৰত জাহা আৰু মিমি চক্ৰৱৰ্তী। বঙালী ছবিৰ জনপ্ৰিয় নায়িকা দুগৰাকীক পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিলৈ আনিছিল। মমতা বেনাৰ্জীয়ে দুয়োকে তৃণমূলৰ 'ষ্টাৰ কেণ্ডিডেট' ৰূপে ঘোষণা কৰি মিমি চক্ৰৱৰ্তীক যাদৱপুৰ সমষ্টিৰ পৰা আৰু নুছৰত জাহাক বচিৰহাট লোকসভা সমষ্টিৰ পৰা টিকট প্ৰদান কৰে।

দুয়োগৰাকী অভিনেত্ৰীৰ অভূতপূৰ্ব জনপ্ৰিয়তাই এক সহজ জয় প্ৰদান কৰে নিৰ্বাচনতো। সেই জয় যেন দুই বান্ধৱীৰো জয় আছিল। একেলগে অভিনয় কৰা দুই বান্ধৱীয়ে একেলগে হাতত হাত থৈ ৰাওনা হ'ল সংসদ ভৱনলৈও।

১৯৮৯ চনৰ ১১ ফেব্ৰৱাৰীত জন্ম গ্ৰহণ কৰে মিমি চক্ৰৱৰ্তীয়ে। জলপাইগুৰিৰ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা মিমিয়ে শৈশৱ পাৰ কৰে অৰুণাচল প্ৰদেশৰ দেওমালিত। পিছত তেওঁ পুনৰ গৃহ চহৰলৈ উভতি আহি অভিনয়ত ব্ৰতী হয়। ২০১০ চনত কলকতাৰ আশুতোষ কলেজৰ পৰা ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰা মিমি চক্ৰৱৰ্তীয়ে অভিনয় জগতত খোজ দিয়েই নিজৰ প্ৰতিভাৰ বলত লাভ কৰে অভূতপূৰ্ব জনপ্ৰিয়তা। ২০১৬ চনৰ কলকতাৰ সৰ্বাধিক আকাংক্ষিত মহিলা হিচাপে পৰিগণিত মিমি চক্ৰৱৰ্তীয়ে বৰ্তমানলৈকে কুৰিৰো অধিক টলীউডৰ ছবিত অভিনয় কৰিছে।

২০০৮ চনত 'বাৰী যা ডোলা' ছবিখনেৰে অভিনয় জীৱনৰ পাতনি মেলা মিমি চক্ৰৱৰ্তীয়ে প্ৰথমখন ছবিত কৰা 'ডোলা' চৰিত্ৰই দৰ্শকৰ অন্তৰ চুইছিল। সেই চৰিত্ৰৰেই আজিও জনপ্ৰিয় মিমি। তেওঁ অভিনয় কৰা শেষখন ছবি ২০১৯ৰ ফেব্ৰুৱাৰীত মুক্তিপ্ৰাপ্ত 'খেল যখন ডাগ্গেৰ'। বঙালী ছবিজগতৰ যশস্বী পৰিচালক অৰিন্দম শীলে পৰিচালনা কৰা এই ছবিখনত মিমিয়ে অভিনয় কৰা চৰিত্ৰৰ নাম হৈছে উৰ্মি।

'ৰাজনীতি কেতিয়াও মোৰ আগ্ৰহৰ বিষয় নাছিল। সপোনতো কেতিয়াও মই ৰাজনীতিত আহিম বুলি ভৱা নাছিলো। কিন্তু ২০১৮ৰ শেষৰ ফালে হঠাৎ এদিন মমতা দিদিয়ে মোক ৰাজনীতিলৈ যোৱাৰ প্ৰস্তাৱ দিলে। পিছত মই সেই প্ৰস্তাৱ সম্পৰ্কে মোৰ পৰিয়ালৰ সৈতে আলোচনা কৰিলো। তেওঁলোকেও যেতিয়া মোৰ ৰাজনীতিত প্ৰৱেশত সমৰ্থন জনালে, তেতিয়াহে মই মোৰ সিদ্ধান্ত ল'লো আৰু দিদিৰ নেতৃত্বত সাংসদ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিলো। আৰু নভৱাকৈয়ে মই জয়লাভো কৰিলো। এতিয়া মোৰ লক্ষ্য কেৱল মোৰ সমষ্টিবাসীক উন্নত সা-সুবিধা প্ৰদান কৰা, তেওঁলোকৰ অভাৱ-অভিযোগবোৰ দূৰ কৰা।' -ৰাজনীতিত প্ৰৱেশ সম্পৰ্কত এইদৰে কয় মিমি চক্ৰৱৰ্তীয়ে।

১৯৯০ৰ ৮ জানুৱাৰীত জন্ম নুছৰত জাহা ৰুহীৰ। কলকতাত জন্মগ্ৰহণ কৰা নুছৰতৰ সৰুৰে পৰাই আছিল মডেলিঙৰ প্ৰতি আগ্ৰহ। ২০১০ চনৰ কলকতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতা 'ফেয়াৰ ওৱান মিছ কলকতা'ত জয়লাভ কৰাৰ পিছতে তেওঁলৈ আহিবলৈ ধৰে অভিনয়ৰ অফাৰ। ২০১১ চনত তেওঁ ৰাজ চক্ৰৱৰ্তী পৰিচালিত 'শত্ৰু' নামৰ ছবিখনেৰে অভিনয়ৰ আৰম্ভণি কৰে যদিও ছবিখনে ব্যৱসায়ীকভাৱে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে।

অভিনেতা দেৱৰ সৈতে নুছৰত জাহাৰ দ্বিতীয়খন ছবি 'খোকা-৪২০'। এই ছবিখনৰ মুক্তিলাভৰ পিছতে টলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী হৈ পৰে নুছৰত জাহা। দৈহিক সৌন্দৰ্যৰ লগতে তেওঁৰ অভিনয়ৰ প্ৰতিভাই বেচ চৰ্চা লাভ কৰিবলৈ ধৰে। তাৰ পিছত আৰু পিছলৈ ঘূৰি চোৱাৰ আৱশ্যক নাছিল তেওঁৰ। ইখনৰ পিছত সিখনকৈ প্ৰায় কুৰিখন ছবিত সফল অভিনয় কৰে নুছৰতে। অৱশ্যে ২০১৮ চনৰ পিছত চলিত বৰ্ষত তেওঁ কোনো ছবিত অভিনয় কৰা নাই।

২০১৮ চনৰে পৰাই নিখিল জৈনৰ সৈতে ভালপোৱাৰ সম্পৰ্কত আছিল নুছৰত জাহা। এই সম্পৰ্কই পূৰ্ণ ৰূপ পালে ২০১৯ৰ জুনৰ। লোকসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ পিছতে জুন মাহত তুৰ্কীত নিখিল জৈনৰ সৈতে বিবাহ পাশত আবদ্ধ হয় মোহময়ী অভিনেত্ৰী তথা তৃণমূল সাংসদগৰাকী।

২০১৪ চনত এখন ছবিৰ শ্বুটিঙৰ সময়ত মিমি চক্ৰৱৰ্তীয়ে লগ পাইছিল নুছৰত জাহাক। সেই সম্পৰ্কই পৰৱৰ্তী সময়ত বন্ধুত্বৰ ৰূপ লয়। দুয়োৰে মাজৰ বন্ধুত্ব ঈৰ্ষাৰ বিষয় হৈ পৰিছিল টলীউড ইণ্ডাষ্ট্ৰীৰ বাবে। বিভিন্ন অনুষ্ঠান, কাৰ্যসূচীত দুয়োকে দেখা গৈছিল একেলগে। পৰৱৰ্তী সময়ত কেইবাখনো ছবিতো দুয়োগৰাকী অভিনেত্ৰীয়ে একেলগে অভিনয় কৰে।

তুৰ্কীত অনুষ্ঠিত নুছৰত জাহাৰ আড়ম্বৰপূৰ্ণ বিবাহৰ প্ৰতিটো অনুষ্ঠানতে উপস্থিত আছিল মিমি। নাচি, বাগি আনন্দ প্ৰকাশ কৰা দেখা গৈছিল মিমিক। নুছৰতৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত তুৰ্কীত অতিথিক অপ্যায়ন কৰা মিমিৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কেৱল সেয়াই নহয়, এতিয়া সদনৰ বাহিৰতো প্ৰায়ে একেলগে দেখা যায় নুছৰত আৰু মিমিক।

'আমাৰ বন্ধুত্ব এলাপেছা নহয়। যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আমি পৰিয়ালৰ সৈতে আলোচনা নকৰিলেও ইজনীয়ে সিজনীৰ সৈতে আলোচনা কৰাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰো। বহু সময়ত বহুতে আমাৰ এই বন্ধুত্বত যতি পেলাবলৈও চেষ্টা কৰিছে। কিন্তু আমি সেয়া সফল হ'ব দিয়া নাই। কাৰণ আমাৰ মাজত আছে অটুত বিশ্বাস।' -মিমিৰ সৈতে থকা বন্ধুত্বৰ বিষয়ে এইদৰে কয় নুছৰত জাহাই।

৫ বছৰ পুৰণি বন্ধুত্বৰে সদনৰ মজিয়াত এতিয়া নুছৰত-মিমি। প্ৰায়ে একেলগে দেখা যায় দুয়োগৰাকী মহিলা সাংসদকে। বলিষ্ঠ কণ্ঠেৰে সদনৰ মজিয়াত ভাষণ প্ৰদান কৰি ইতিমধ্যেই মিমি চক্ৰৱৰ্তী বেচ চৰ্চিত হৈছে।

দুটা লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা এই সাংসদ দুগৰাকীৰ কাৰ্যকালে এতিয়া ৩ মাহ অতিক্ৰম কৰিছেহে মাথোন। হাতত এতিয়াও প্ৰায় চাৰে চাৰিবছৰ সময় বাকী। অভিনেত্ৰী সাংসদ নুছৰত জাহা আৰু মিমি চক্ৰৱৰ্তীয়ে এই চাৰে চাৰিবছৰত কিদৰে নিজৰ সমষ্টিলৈ সেৱা আগবঢ়ায় সেয়াহে এতিয়া লক্ষ্য কৰিব সমষ্টিবাসীয়ে। অভিনেত্ৰী হৈ লাভ কৰা জনপ্ৰিয়তাৰে নিৰ্বাচনী দেওনা অতিক্ৰম কৰিলেও সাংসদ হৈ কেনে ধৰণৰ ভূমিকা পালন কৰিব নুছৰত-মিমিয়ে, পিছলৈকে জানিব পৰা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in