মূল্যবৃদ্ধি! বন্ধুৰ বিয়াত ৫ লিটাৰ পেট্ৰ’ল উপহাৰ

মূল্যবৃদ্ধি! বন্ধুৰ বিয়াত ৫ লিটাৰ পেট্ৰ’ল উপহাৰ

ডিজিটেল ডেস্কঃ হোৰাহোৰে বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ দাম। ইন্ধনৰ এনে মূল্যবৃদ্ধিয়ে জোলোকা-জোলোকে পানী খুৱাইছে সৰ্বসাধাৰণক। এনে অৱস্থাত বন্ধুৰ বিয়াত ৫ লিটাৰ পেট্ৰ'ল উপহাৰ দি চৰ্চিত হৈ পৰিছে তামিলনাডুৰ এজন লোক।

ব্যতিক্ৰমী উপহাৰ দিয়া লোকজনৰ মতে মূল্যবৃদ্ধিৰ এই দিনত ইয়াতকৈ ভাল উপহাৰ আৰু একোৱেই হ'ব নোৱাৰে। 'পেট্ৰ'লত বাদেই এইকেইদিনত ভাল উপহাৰনো কি হ'ব পাৰে?'-ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি লোকজনৰ মন্তব্য।

তামিলনাডুৰ কুল্লাডোৰৰ সকলোৱে উলহ-মালহেৰে ভাগ লৈছিল বিয়াত। নিমন্ত্ৰিত অতিথিসকল এজন এজনকৈ আহি দম্পতীৰ হাতত তুলি দিছিল উপহাৰ সামগ্ৰী। সেই সময়তে আহি উপস্থিত হৈছিল দৰাৰ বিশেষ বন্ধুজন। হাতত লৈ আহিছিল এটা গেলন।

হাতত এনেদৰে গেলন লৈ বিয়াত উপস্থিত হোৱা লোকজনক দেখি সকলোৱে হতবাক হৈ পৰে। ইয়াৰ মাজতে কাৰো চাৱনিলৈ ভ্ৰূক্ষেপ নকৰি তেওঁ আসনৰ পৰা উঠি গৈ দৰাৰ হাতত তুলি দিয়ে ৫ লিটাৰ পেট্ৰ'ল ভৰ্তি গেলন।

এই উপহাৰ প্ৰত্যক্ষ কৰি বিয়াঘৰত উপস্থিত সকলোৰে মাজত হাঁহিৰ ৰোল উঠে। এই উপহাৰ দেখি দৰা-কইনাও কিছুসময়ৰ বাবে থৰ হৈ পৰে যদিও পিছতে সেয়া আগ্ৰহৰে হাত পাতি লৈ আলহীক ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, তামিলনাডুত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হৈছে ৮৫.১৫ টকা। দেশৰ যিসমূহ ৰাজ্যত পেট্ৰ'লৰ দাম সবাতোকৈ অধিক সেই ৰাজ্যসমূহৰ তালিকাত আছে তামিলনাডুৰো নাম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in