প্ৰতিশোধ! বন্ধুৰ বাবে হত্যা প্ৰাক্তন প্ৰেয়সীক

প্ৰতিশোধ! বন্ধুৰ বাবে হত্যা প্ৰাক্তন প্ৰেয়সীক

ডিজিটেল ডেস্কঃ বন্ধুৰ মৃত্যুৰ প্ৰতিশোধ লৈ বন্ধুৰ প্ৰাক্তন প্ৰেয়সীক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত৷ মঙলবাৰে এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰই বন্ধুৰ প্ৰাক্তন প্ৰেয়সী তথা সহপাঠী এগৰাকী যুৱতীক ডিঙি ৰেপি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযুক্ত ছাত্ৰজনৰ নাম অমৰ শিন্দে বুলি জানিব পৰা গৈছে৷ এই ঘটনা মঙলবাৰে সংঘটিত হয় যদিও পোহৰলৈ আহে বৃহস্পতিবাৰে৷

জানিব পৰা মতে, কৰ্ণাটকত চিকিৎসা বিজ্ঞানৰ শিক্ষা লাভ কৰি থকা মহাৰাষ্ট্ৰৰ লাটুৰ জিলাৰ অমৰ শিন্দে নামৰ যুৱকজনৰ বন্ধু সাৰ্থক যাদৱৰ প্ৰেয়সী আছিল অমৰৰ সহপাঠী অপূৰ্বা যাদৱ৷ কিন্তু তিনিমাহ পূৰ্বে অপূৰ্বাই যাদৱৰ সৈতে প্ৰেম বিচ্ছেদ কৰি আন এজন যুৱকৰ সৈতে সম্পৰ্ক স্থাপন কৰে৷

ইয়াৰ পিছতে মানসিকভাৱে ভাগি পৰা সাৰ্থক যাদৱে আত্মহত্যাৰ পথ বাছি লয়৷ আনহাতে বন্ধুৰ আত্মহত্যাই অমৰকো মৰ্মাহত কৰে৷ পিছত আৰক্ষীয়ে সাৰ্থক যাদৱৰ আত্মহত্যাৰ তদন্ত চলাই পৰিয়ালৰ লোকৰ অভিযোগত আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অপূৰ্বা আৰু তাইৰ প্ৰেমিকক আটক কৰি কাৰাগাৰালৈ নিক্ষেপ কৰে৷ অৱশ্যে জামিনত বাহিৰলৈ আহি পুনৰ স্বাভাৱিক জীৱন আৰম্ভ কৰে অপূৰ্বাই৷

এই ঘটনাত অসন্তুষ্ট হৈ পৰে বন্ধুৰ বিয়োগত মৰ্মাহত অমৰ শিন্দে৷ বন্ধুৰ আত্মহত্যাৰ বাবে দায়ী অপূৰ্বাক এনেকৈ মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰা দেখি অমৰৰ মনত প্ৰতিশোধৰ ভাৱ জাগি উঠে৷

যোৱা মঙলবাৰে অপূৰ্বাৰ লাটুৰস্থিত বাসগৃহত অকলে থকাৰ সুযোগ লৈ অমৰে গোপনে প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে ডিঙি ৰেপি ২১ বৰ্ষীয় অপূৰ্বাক হত্যা কৰি পলায়ন কৰে৷

ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীৰ তদন্তত অমৰ শিন্দে নামৰ যুৱকজনেই এই ঘটনা সংঘটিত কৰা বুলি আৰক্ষী নিশ্চিত হোৱাত আৰক্ষীয়ে অনুসন্ধান চলাই অভিযুক্ত অমৰক বুধবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়৷

ইয়াৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীৰ হত্যাৰ অভিযোগত অমৰ শিন্দেৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২, ২০১ আৰু ধাৰা ৩৪ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ আনহাতে আৰক্ষীৰ জেৰাত ধৃত অমৰে বন্ধুৰ আত্মহত্যাৰ প্ৰতিশোধ ল'বলৈকে যুৱতীগৰাকীক হত্যা কৰা বুলি স্বীকাৰ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in