ডিজিটেল সংবাদ ,ধেমাজি শুকুবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ কেইবা স্থানতো কৰা ১৮৯ গৰাকী ক'ৰোণাৰ টেষ্ট পৰীক্ষাৰ ভিতৰত ২১ গৰাকীয়েই ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে ৷ শুকুবাৰলৈকে হোৱা জিলাখনৰ ক'ভিড পজিটিভৰ শতকৰা হাৰ ১১.১% শতাংশলৈ বৃদ্ধি পালে ৷
ইফালে জিলা স্বাস্থ্য বিভাগে হোমআইছু'লোচনত ২০ জনক , ধেমাজি অসামৰিক চিকিৎসালয়কে ধৰি চৰকাৰী চিকিৎসালয়ত ৪ জনক নতুকৈ নাম ভৰ্তি কৰিছে ৷ শুকুবাৰে চিনাক্ত হোৱা ৰোগীৰ সৈতে জিলাখনৰ সক্ৰিয় ৰোগী সংখ্যা ২০৮ জনলৈ জনলৈ বৃদ্ধি পালে ৷