শুকুৰবাৰে কোকৰাঝাৰৰ পাকিৰাগ্ৰামত ৯ সংখ্যক কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ স্মৃতি দিৱস…

শুকুৰবাৰে কোকৰাঝাৰৰ পাকিৰাগ্ৰামত ৯ সংখ্যক কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ স্মৃতি দিৱস…

ডিজিটেল ডেস্কঃ শুকুৰবাৰ অৰ্থাৎ ৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব ইণ্ডেজেনিয়াছ ট্ৰাইবেল সাহিত্য সভা চমুকৈ আইটিএছএছএ-ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জনাই আইটিএছএছএ-য়ে। এই প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰা অনুসৰি শুকুৰবাৰে দিনৰ ২ বজাত অনুষ্ঠিত হ'ব এই বৈঠক।

কোচ-ৰাজবংশী ভাষাৰ পিতৃ কমতা ৰত্ন অম্বিকাচৰণ চৌধুৰীৰ ৯সংখ্যক স্মৃতি দিৱস উপলক্ষে আয়োজন কৰা হ'ব এই বৈঠক। এই বৈঠকত আইটিএছএছএৰ লগতে অংশ ল'ব কোচ ৰাজবংশী সাহিত্য সভা, আদিবাসী-অসম সাহিত্য সভা, অসম নেপালী সাহিত্য সভা আৰু শৰণীয়া কচাৰী সাহিত্য সভাই। কোকৰাঝাৰৰ পাকিৰাগ্ৰামৰ শক্তি আশ্ৰমত অনুষ্ঠিত হ'ব এই বৈঠক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in