ৰেষ্টুৰেন্টত খাদ্যৰ বাবে অপেক্ষা! গ্ৰাহকে গুলীয়াই হত্যা কৰিলে ৱেইটাৰক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ এখন ৰেষ্টুৰেন্ট খাদ্য অৰ্ডাৰ কৰাৰ পাছত কিছু সময় অপেক্ষা কৰিব লাগে। কেতিয়াবা অধিক সময় অপেক্ষা কৰাৰ বাবে গ্ৰাহকে ৰেষ্টুৰেন্টখনৰ প্ৰবন্ধক বা ৱেইটাৰজনক দুই-এটা কথা শুনাই। সেয়া প্ৰায়ে দেখিবলৈ পোৱা ঘটনা। কিন্তু খাদ্যৰ অপেক্ষা কৰিব লগা হোৱাৰ ফলত গ্ৰাহকে ৱেইটাৰক গুলীয়াই হত্যা কৰা ঘটনা হয়তো আপুনি শুনা নাই।

হয়, পেৰিছত সংঘটিত হৈছে এনে এক ঘটনা। পেৰিছৰ এখনৰেষ্টুৰেন্টত এজন গ্ৰাহকে ৱেইটাৰজনক গুলীয়াই হত্যা কৰে। খাদ্যৰ বাবে অপেক্ষা কৰিবলগা হোৱাত গ্ৰাহকজনে গুলীয়াই হত্যা কৰে ৱেইটাৰজনক। ন'ইজী-লে-গ্ৰেণ্ড নামৰ এইৰেষ্টুৰেন্টখনত অপেক্ষা কৰিব লগা হোৱাৰ বাবে খঙত অগ্নিশৰ্মা হৈ পৰা গ্ৰাহকজনেৱেইটাৰজনক গুলীয়াই হত্যা কৰাৰ পাছত ৰেষ্টুৰেন্টখনৰ কৰ্মচাৰীয়ে এই খবৰ দিয়াআৰক্ষীক।

খবৰ লাভ কৰি উক্ত স্থানত আৰক্ষী উপস্থিত হয়যদিও, গ্ৰাহকজনক আটক কৰিবলৈ সক্ষম নহয়। কিয়নো ৰেষ্টুৰেন্টখনত আৰক্ষী উপস্থিত হোৱাৰপূৰ্বেই পলায়ন কৰে অস্ত্ৰধাৰী গ্ৰাহকজনে। আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহতৰাখিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in